
কাছাৰ, ১৩ জুলাই (হি.স.)। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই শিলচৰ আৰক্ষীয়ে বুজন পৰিমানৰ মেঘালয়ত প্ৰস্তুত কৰা বিদেশী সুৰা জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত শিলচৰৰ ৰংপুৰ আৰক্ষীয়ে গুৱাহাটী - মিজোৰাম অভিমুখী এখন পণ্যবাহী ট্ৰাকত তালাচী চলাই জব্দ কৰে সুৰা খিনি।
ঔষধ আৰু ষ্টেচনাৰী সামগ্ৰীৰ তলত লুকুৱাই অনা ৬২ কাৰ্টন সুৰা জব্দ কৰে আৰক্ষীয়ে। কাৰ্টন কেইটাৰ পৰা মুঠ ৭৫৫ বটল সুৰা জব্দ কৰা হয়। আৰক্ষীৰ চকুত ধুলি দি সুৰা খিনি খানাপাৰাৰ নমাইলৰ পৰা মিজোৰামলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল। এই সংক্ৰান্তত ট্ৰাক খনৰ চালক মিটু ভৌমিকক গ্ৰেপ্তাৰ কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা