
হোজাই, ১৩ জুলাই (হি.স.): হোজাই জিলাৰ লংকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা নিউ হনুমান ধাবাৰ সন্মুখত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ।হোটেলত কৰ্মৰত এগৰাকী মহিলাক উপৰ্যুপৰি চুৰিৰে আক্ৰমণ কৰে । সংকটজনক অৱস্থাত হোজাইৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় মহিলাগৰাকীৰ । মৃত্যু হোৱা মহিলাগৰাকী লামডিঙৰ খুছিদা বেগম বুলি জানিব পৰা গৈছে ।
মহিলা গৰাকীক নিজৰ স্বামী আমজাদ আলীয়ে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে । ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে স্বামী আমজাদ আলী ।পত্নীৰ পৰা বিচৰা ধন নোপোৱাৰ ফলতেই এইদৰে চুৰিৰে স্বামী আমজাদ আলীয়ে নিজ পত্নীক আক্ৰমণ কৰে । উল্লেখ্য যে, ধাবাখনত দীৰ্ঘদিনৰ পৰাই অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ