
নলবাৰী, ১৩ জুলাই (হি.স.)। নলবাৰীৰ সোণকুৰিহাত এগৰাকী ব্যক্তি নিখোজ। পাগলাদিয়া নৈৰ সোণকুৰিহাৰ দলঙৰ কাষত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এখন চাইকেল ।চাইকেল খন বৰকুৰিহা গাঁৱৰ গিৰীণ বৈশ্য(৪৮)ৰ বুলি চিনাক্ত ।
কালিৰে পৰা নিখোজ হৈ আছে গিৰীণ বৈশ্য ।পাগলাদিয়া নদীত পৰাৰ সন্দেহ । পৰিয়ালৰ লোকৰ । এছ ডি আৰ এফ বাহিনীয়ে চলাই আছে উদ্ধাৰ অভিযান ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ