

গুৱাহাটী, ১৩ জুলাই (হি.স.)। কামৰূপ মহানগৰ জিলাত এফালে সামান্য বৰষুণতে কৃত্ৰিম বানৰ বিভীষিকাই জনজীৱন দুৰ্বিষহ কৰি তোলাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে, আনফালে জিলা প্ৰশাসনেই বাৰিষাৰ মাজতে পাহাৰ খননৰ অনুমতি প্ৰদান কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত কমলাজাৰীত পাহাৰ কাটি সমতল কৰাৰ অনুমতি প্ৰদান কৰাৰ ঘটনাই এতিয়া বন বিভাগ আৰু জিলা প্ৰশাসনৰ ভূমিকাক লৈ একাধিক প্ৰশ্ন উত্থাপন কৰিছে।
বাৰিষাৰ দিনত পাহাৰ খনন কৰিলে ভূমিক্ষয়, ভূমিস্খলন, জলনিকাশ ব্যৱস্থাৰ ক্ষতি আৰু কৃত্ৰিম বানৰ আশংকা বৃদ্ধি পায় বুলি বিশেষজ্ঞসকলে সতৰ্ক কৰি আহিছে। এনে পৰিস্থিতিতেই সোণাপুৰ মৌজাৰ কমলাজাৰী গাঁৱৰ ৫২৬ নং দাগৰ ১৩৭ নং পট্টাৰ অন্তৰ্গত এক বিঘা ১১ লেচা পাহাৰীয়া ভূমি ৯০ দিনৰ বাবে কাটি সমতল কৰাৰ অনুমতি প্ৰদান কৰা হৈছে মামনি বড়ো নামৰ এগৰাকী মহিলাক।
অভিযোগ অনুসৰি, জিলা প্ৰশাসনে পূৰ্বে বাৰিষাৰ সময়ত পাহাৰ খননৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো এই অনুমতি কেনেকৈ আৰু কাৰ স্বাৰ্থত প্ৰদান কৰা হ'ল, তাক লৈ এতিয়া বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে। অভিযোগকাৰীসকলৰ মতে, এই সিদ্ধান্তই 'অসম পাহাৰীয়া ভূমি আৰু পৰিৱেশগত সংবেদনশীল এলেকা সংৰক্ষণ আৰু ব্যৱস্থাপনা আইন, ২০০৬'-ৰ উদ্দেশ্য আৰু নীতিক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিছে।
ইয়াৰ লগতে উক্ত ভূমিখন কেইবাগৰাকীও লোকৰ এজমালী সম্পত্তি হোৱা সত্ত্বেও কোনো বাটোৱাৰা নোহোৱাকৈ আৰু আন সহ-পট্টাদাৰসকলক অৱগত নকৰাকৈ লিজত দি পাহাৰ খননৰ অনুমতি প্ৰদান কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে অন্য এজমালী পট্টাদাৰসকলে। তেওঁলোকৰ দাবী, তেওঁলোকৰ সন্মতি অবিহনে এই অনুমতি প্ৰদান কৰাটো আইনসন্মত নহয়।
স্থানীয় লোকসকলৰ অভিযোগ, ডিমৰীয়া অঞ্চলত ইতিমধ্যে অবাধ পাহাৰ খনন আৰু পাহাৰৰ ৰঙামাটি কটাৰ ফলত বহু ঠাইত জলনিকাশ ব্যৱস্থা ব্যাহত হৈছে। ইয়াৰ ফলতেই সামান্য বৰষুণতে বিভিন্ন অঞ্চল জলমগ্ন হোৱাৰ দৰে সমস্যা বৃদ্ধি পাইছে। এনে সময়ত পুনৰ বাৰিষাৰ মাজতে পাহাৰ খননৰ অনুমতি প্ৰদান কৰাটো পৰিৱেশ আৰু জনস্বাৰ্থৰ বিৰুদ্ধে যোৱা সিদ্ধান্ত বুলি অভিযোগ উত্থাপন কৰিছে সচেতন মহলে।
এতিয়া মূল প্ৰশ্ন হ'ল—এফালে পাহাৰ খননৰ ওপৰত নিষেধাজ্ঞাৰ কথা কৈ আনফালে একেই সময়তে পাহাৰ কাটি সমতল কৰাৰ অনুমতি কোন স্বাৰ্থত প্ৰদান কৰা হ'ল? জিলা প্ৰশাসন আৰু বন বিভাগে এই সিদ্ধান্ত লওঁতে পৰিৱেশগত প্ৰভাৱ, কৃত্ৰিম বানৰ আশংকা আৰু আইনগত দিশসমূহ কিমান গুৰুত্বসহকাৰে বিবেচনা কৰিলে? এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ লগতে অনুমতি তৎকালে বাতিল কৰাৰ দাবী উত্থাপন কৰিছে ক্ষুব্ধ এজমালী পট্টাদাৰসকল আৰু স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / Narayan Kar