পৰ্বতঝোৰাৰ কমতাপুৰ ৰাজ্য দাবী সমিতিৰ কোকৰাঝাৰ জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সভা
পৰ্বতঝোৰাৰ কমতাপুৰ ৰাজ্য দাবী সমিতিৰ (KSDC) কোকৰাঝাৰ জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সভা।
পৰ্বতঝোৰাৰ কমতাপুৰ ৰাজ্য দাবী সমিতিৰ কোকৰাঝাৰ জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সভা


কোকৰাঝাৰ, ১৩ জুলাই (হি.স.): পুনৰ উত্থাপিত হৈছে পৃথক কমতাপুৰ ৰাজ্য দাবীৰ প্ৰসংগ । পৃথক কমতাপুৰ ৰাজ্য, কেএলওৰ শান্তিৰ চুক্তি আৰু কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতি নকৰিলে আন্দোলনৰ হুংকাৰ দিয়ে কমতাপুৰ ৰাজ্য দাবী সমিতিয়ে ।

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ ঐতিহাসিক মা মহামায়া স্নানঘাট মন্দিৰ প্ৰাঙ্গনত যোৱা কালি সন্ধিয়া কমতাপুৰ ৰাজ্য দাবী সমিতিৰ (কেএছডিচি) কোকৰাঝাৰ জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাত পৃথক কমতাপুৰ ৰাজ্য, জীৱন সিংহৰ কেএলঅ’ চুক্তি আৰু কোচ -ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত সৰৱ হয় সংগঠনটো।

অতি শীঘ্ৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই দাবী সমূহ মানি নল’লে ১০০ ঘণ্টা ৰেল পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনৰ নেতৃত্বই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande