প্ৰচণ্ড খৰাঙৰ কবলত পৰিছে কামপুৰ অঞ্চল
নগাঁও, ১৩ জুলাই (হি.স.)। প্ৰচণ্ড খৰাঙৰ কবলত পৰিছে কামপুৰ অঞ্চল । এফালৰ পৰা শুকাই গৈছে কামপুৰৰ কৃষকৰ পথাৰ । খেতিৰ ওপৰতে নিৰ্ভৰশীল কৃষকে এতিয়া অন্ধকাৰ দেখিছে চৌদিশে । পানীৰ অভাৱত খেতি কৰিব নোৱাৰিলে কেনেকৈ চলিব কৃষক সকল । চৰকাৰৰো কোনো গুৰুত্ব নাই, জলস
প্ৰচণ্ড খৰাঙৰ কবলত পৰিছে কামপুৰ অঞ্চল


নগাঁও, ১৩ জুলাই (হি.স.)। প্ৰচণ্ড খৰাঙৰ কবলত পৰিছে কামপুৰ অঞ্চল । এফালৰ পৰা শুকাই গৈছে কামপুৰৰ কৃষকৰ পথাৰ । খেতিৰ ওপৰতে নিৰ্ভৰশীল কৃষকে এতিয়া অন্ধকাৰ দেখিছে চৌদিশে । পানীৰ অভাৱত খেতি কৰিব নোৱাৰিলে কেনেকৈ চলিব কৃষক সকল । চৰকাৰৰো কোনো গুৰুত্ব নাই, জলসিঞ্চনৰ প্ৰচুৰ সম্ভাৱনা থকা কামপুৰত নাই জলসিঞ্চনৰ সুব্যৱস্থা ।

কেৱল বৰষুণৰ অপেক্ষাত ৰৈ থকা কৃষকৰ পথাৰত এতিয়া চিৰাল ফাঁট । দেশৰ পাঁচখন উন্নত ৰাজ্যৰ তালিকাত অসমক অন্তৰ্ভুক্ত কৰাৰ সপোন দেখা চৰকাৰে খবৰ ৰাখিছেনে এইসকল দুৰ্ভগীয়া কৃষকৰ । কিন্তু দুখৰ বিষয় উন্নয়নৰ জয়গান গোৱা চৰকাৰৰ দিনত এটুপি পানীৰ বাবে খেতি কৰিব নোৱৰা অৱস্থা হৈছে কৃষকৰ । চৰকাৰ তথা জলসিঞ্চন বিভাগে শীঘ্ৰে খৰাং পীড়িত অঞ্চল সমূহত আধুনিক প্ৰযুক্তিবিদ্যাৰ জড়িয়তে জলসিঞ্চন প্ৰকল্প স্থাপন কৰাৰ ব্যৱস্থা কৰিবলৈ দাৱী ৰাইজৰ । উল্লেখ্য যে, যি খন ৰাজ্যৰ চৰকাৰে এতিয়াও কৃষকৰ সুখ- দুখৰ মৰ্মবেদনা উপলব্ধি কৰিবলৈ চেষ্টা নকৰে সেইখন ৰাজ্য কেনেকৈ দেশৰ পাঁচখন উন্নত ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব সেই প্ৰশ্ন এতিয়া সকলোৱে মুখে মুখে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande