অসম মেঘালয় সংযোগী যোৰাবাটত ভয়াবহ কৃত্ৰিম বানৰ সৃষ্টি
গুৱাহাট, ১৩ জুলাই (হি.স.)। গুৱাহাটী মহানগৰীত বিগত কিছুদিনৰ পৰা আহি থকা নেৰানেপেৰা বৰষুণৰ ফলত অসম মেঘালয় সংযোগী যোৰাবাটত ভয়াবহ কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। যোৰাবাটত দেওবাৰে কৃত্ৰিম বানৰ ফলত নিশা সৃষ্টি হোৱা তীব্ৰ যানজঁট বৰ্তমানলৈ অব্যাহত আছে। নিশাৰে
প্ৰসংগ-যোৰাবাটৰ ভয়াবহ কৃত্ৰিম বান।


প্ৰসংগ-যোৰাবাটৰ ভয়াবহ কৃত্ৰিম বান।


গুৱাহাট, ১৩ জুলাই (হি.স.)। গুৱাহাটী মহানগৰীত বিগত কিছুদিনৰ পৰা আহি থকা নেৰানেপেৰা বৰষুণৰ ফলত অসম মেঘালয় সংযোগী যোৰাবাটত ভয়াবহ কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। যোৰাবাটত দেওবাৰে কৃত্ৰিম বানৰ ফলত নিশা সৃষ্টি হোৱা তীব্ৰ যানজঁট বৰ্তমানলৈ অব্যাহত আছে।

নিশাৰে পৰা যোৰাবাটত আবদ্ধ হৈ আছে সৰু-বৰ বহু বাহন। যাৰ ফলত দুৰ্যোগ ভুগিছে উজনি-নামনিলৈ অহা-যোৱা কৰা সহস্ৰাধিক যাত্ৰী।

জৰুৰীকালীন অৱস্থাৰ বাহন পৰ্যন্ত কৃত্ৰিম বানত আবদ্ধ হৈ ৰ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ পৰে।দীৰ্ঘদিনীয়া এই সমস্যাটোৰ সমাধান কেতিয়া হ'ব ইয়াকে লৈ চিন্তিত সচেতন নাগৰিক।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande