গহপুৰত হাবিয়ে আবৰিছে কোটি টকীয়া জলজীৱন আঁচনি
এটুপি বিশুদ্ধ পানীৰ পৰা বঞ্চিত জনতা বিশ্বনাথ, ১৩ জুলাই (হি.স.)। হৰ ঘৰ নল হৰ ঘৰ জল এই উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে ২০১৯ চনত আৰম্ভ কৰা আঁচনি গহপুৰত ফ্লপ শ্ব''ত পৰিণত হৈছে । এই দৃশ্য গহপুৰ সমষ্টিৰ
গহপুৰত হাবিয়ে আবৰিছে কোটি টকীয়া জলজীৱন আঁচনি


এটুপি বিশুদ্ধ পানীৰ পৰা বঞ্চিত জনতা

বিশ্বনাথ, ১৩ জুলাই (হি.স.)। হৰ ঘৰ নল হৰ ঘৰ জল এই উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে ২০১৯ চনত আৰম্ভ কৰা আঁচনি গহপুৰত ফ্লপ শ্ব'ত পৰিণত হৈছে । এই দৃশ্য গহপুৰ সমষ্টিৰ ১ নং ৰজাবাৰী পথাৰৰ । কোটি টকীয়া জল জীৱনৰ বিশুদ্ধ পানী যোগানৰ বাবে স্হাপন কৰা আঁচনি খন হাবি-বনে আবৰি ধৰাৰ লগতে যন্ত্ৰপাতি সমূহ বেয়া হবলৈ ধৰিছে ।

নিৰ্মাণৰ দুটা বছৰ ধৰি এনেদৰে পৰি থকা আঁচনি খনৰ অৱস্হা এতিয়া তথৈবচ । ঠিকাদাৰৰ গাফিলতি আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীৰ অমনোযোগিতাৰ বাবে এনেদৰে পৰি ৰৈছে বিশুদ্ধ খোৱাপানী যোগান আঁচনি সমূহ । ফলত ৰাইজে পানীৰ পৰা সৃষ্টি হোৱা বেমাৰত আক্ৰান্ত হৱ লগা হৈছে । এটুপি বিশুদ্ধ পানী বিচাৰি হাহাকাৰ অৱস্হাৰ সৃষ্টি হৈছে ৰাইজৰ ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande