আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডত স্বৰ্ণ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ ভাৰতীয় দলটোক অভিনন্দন
নতুন দিল্লী, ১৩ জুলাই (হি.স.)। কলম্বিয়াৰ বুকাৰামাংগাত অনুষ্ঠিত ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াড (আই পি এইচ অ) ২০২৬ত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় দলৰ পাঁচোজন ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁল
कोलंबिया के बुकारामांगा में आयोजित 56वें आईपीएचओ 2026 में स्वर्ण पदक जीतने वाला भारतीय दल


নতুন দিল্লী, ১৩ জুলাই (হি.স.)। কলম্বিয়াৰ বুকাৰামাংগাত অনুষ্ঠিত ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াড (আই পি এইচ অ) ২০২৬ত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় দলৰ পাঁচোজন ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁলোকৰ এই কৃতিত্ব দেশৰ যুৱক-যুৱতীসকলৰ অপৰিসীম সম্ভাৱনা আৰু বিজ্ঞান আৰু গৱেষণাৰ প্ৰতি থকা আকৰ্ষণৰ প্ৰমাণ।

সোমবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ পোৱা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কনিষ্কা জৈন, ৰিদ্দেশ অনন্ত বেণ্ডেলে, ঋষিত গাৰ্গ, শ্ৰেষ্ঠ সূৰায়, আৰু স্বৰত যোশীক তেওঁলোকৰ অসাধাৰণ সফলতাৰ বাবে অভিনন্দন জনায় । তেওঁ কয় যে এইসকল ছাত্ৰ-ছাত্ৰীৰ উৎকৃষ্ট প্ৰদৰ্শন সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয়।

মোদীয়ে কয় যে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ এই কৃতিত্বই পুনৰবাৰ প্ৰমাণ কৰিছে যে দেশৰ যুৱ প্ৰতিভাই বিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰত বিশ্বজুৰি নিজৰ স্থান দখল কৰিছে। এই ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাই দেশৰ আন যুৱক-যুৱতীসকলক বিজ্ঞান আৰু উদ্ভাৱনৰ দিশত অনুপ্ৰাণিত কৰিব বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত দশকত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াডৰ বিভিন্ন সংস্কৰণত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে, যিয়ে দেশত বৈজ্ঞানিক প্ৰতিভা আৰু গুণগত শিক্ষাৰ অবিৰত বৃদ্ধিৰ প্ৰতিফলন ঘটায়।

উল্লেখযোগ্য যে কলম্বিয়াৰ বুকাৰামাংগাত ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদাৰ্থ বিজ্ঞান অলিম্পিয়াড ২০২৬ অনুষ্ঠিত হৈছিল, য’ত ভাৰতীয় দলৰ পাঁচোজন অংশগ্ৰহণকাৰীয়ে স্বৰ্ণ পদক লাভ কৰি দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল ।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande