
বালোতৰা, ১৩ জুলাই (হি.স.)। ৰাজস্থানৰ বাৰমেৰ-যোধপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পাচপাদৰা থানা এলেকাত দেওবাৰে গভীৰ নিশা সংঘটিত পথ দুৰ্ঘটনাত ৫ জন যুৱক নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয়। দ্ৰুতবেগী স্ক’ৰপিঅ’ এখনে সন্মুখত থকা ডাম্পাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। ইয়াৰ প্ৰভাৱ ইমানেই ভয়াৱহ হৈ পৰিছিল যে স্ক’ৰপিঅ’খন সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে গাড়ীখনত থকা লোকসকল বাহনখনৰ ভিতৰতে আবদ্ধ হৈ পৰে।
আৰক্ষীৰ মতে, ভদিয়াৱাছ গাঁৱৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় বাসিন্দাৰ সহায়ত আহতসকলক উদ্ধাৰ কৰি বালোতৰা চৰকাৰী নাহাটা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তাত চিকিৎসকে ৰেৱন্ত ৰাম (২৬), স্বৰূপ ৰাম (২৭), আৰু ভাৰত (২৫)ক মৃত ঘোষণা কৰে। গুৰুতৰভাৱে আহত কিষাণ, ভৱেশ, বাবু, মুকেশ, আৰু হেমাৰমক প্ৰাথমিক চিকিৎসাৰ পিছত যোধপুৰলৈ প্ৰেৰণ কৰা হয়, য’ত কিষান (২৭) আৰু ভৱেশৰো চিকিৎসাৰ সময়ত মৃত্যু হয়।
গেনাৰাম জাটৰ পুত্ৰ ৰেৱন্ত ৰাম, মেহৰা ৰাম জাটৰ পুত্ৰ স্বৰুপৰম, বন্ন ৰাম জাটৰ পুত্ৰ ভাৰত, শ্বেৰাৰাম জাটৰ পুত্ৰ কিষাণ আৰু কলা ৰাম জাটৰ পুত্ৰ ভৱেশ, আটাইকেইজন বালোতৰা জিলাৰ কানোদ গাঁৱৰ বাসিন্দা। হেড কনিষ্টবল ডুংগাৰাম খোঠৰ মতে, যুৱককেইজনে যোধপুৰৰ ভোমিয়াজী ভ্ৰমণ কৰি নিজ গাঁৱলৈ উভতি আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। তিনিজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ৫জন যুৱক আহত হৈ যোধপুৰলৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে চৰকাৰী নাহাটা চিকিৎসালয়ত পৰিয়ালৰ লোক আৰু গাঁৱৰ ৰাইজসকল সমবেত হয়। দুৰ্ঘটনাত আহত বাবু, মুকেশ আৰু হেমাৰম যোধপুৰত চিকিৎসাধীন হৈ আছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ