
গোলাঘাট, ১৩ জুলাই (হি.স.)। ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীক এজন বিফল শিক্ষামন্ত্ৰী আখ্যা গোলাঘাটৰ তিনিখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়,গোলাঘাট বানিজ্য মহাবিদ্যালয় আৰু হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে উল্লেখ কৰে যে এইবৰ্ষত বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত বাৰ্ষিক আয়ৰ উপৰিও উপস্থিতিৰ হাৰ,পৰীক্ষাৰ ফলাফলো মাপকাঠি হিচাপে গণ্য কৰাৰ ফলত বহু শিক্ষাৰ্থীয়ে নামভৰ্তিৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে৷
ছাত্ৰ-ছাত্ৰী সকলে উল্লেখ কৰা অনুসৰি চৰকাৰী মহাবিদ্যালয় সমূহত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ছাত্ৰ -ছাত্ৰী সকলেহে নামভৰ্তি কৰে যাৰ বাবে নামভৰ্তিৰ বাবে বহু আৰ্থিকভাৱে দূৰ্বল ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাগ্ৰহণ প্ৰক্ৰিয়া সুচলভাৱে চলাত বাধাৰ সৃষ্টি হ’ব ৷ যাৰবাবে গোলাঘাটৰ তিনিখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ জিলা আয়ুক্ত গৰাকীক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷
ছাত্ৰ-ছাত্ৰী সকলে উল্লেখ কৰে যে বিগত বৰ্ষসমূহত বিনামূলীয়া নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিৰ হাৰ আৰু পৰীক্ষাৰ ফলাফল চাই লোৱা হোৱা নাছিল। কিন্তু এই বৰ্ষত উপস্থিতিৰ হাৰ আৰু পৰীক্ষাৰ ফলাফলৰ ভিত্তিত বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰদান নকৰাত এতিয়া বহু ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকল যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা