
গোলাঘাট, ১৩ জুলাই (হি.স.)। অসম নাগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ বি চেক্টৰৰ চেইনপুৰত নগা দুৰ্বৃত্তই ঘৰ পিয়ল কৰিবলৈ গৈ অসমীয়া মানুহক আক্ৰমণ কৰা ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে।
সোমবাৰে ভূমি অধিকাৰ আৰু সীমা সমস্যা সংগ্ৰাম সমিতিয়ে গোলাঘাট নগৰত হাতে হাতে প্লে কাৰ্ড প্ৰদৰ্ষণ কৰি মৌন প্ৰতিবাদ সাব্যস্ত কৰে এনেদৰে।
তেওলোকৰ দাবী, অতি শীঘ্ৰে সীমা সমস্যা সমাধান কৰি সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অসমীয়া ৰাইজক নিৰাপত্তা প্ৰদান কৰক। লগতে সীমান্তবাসী ৰাইজক মাটি পট্টা প্ৰদান কৰক,নগা আগ্ৰাসন ৰোধ কৰাকে ধৰি অসম নাগালেণ্ড সীমান্তৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এইদৰে ভূমি সুৰক্ষা আৰু সীমা সমস্যা সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা