গোৱালপাৰাৰ কল্যানপুৰত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত অনুষ্ঠিত ভূঁই ৰোৱা অনুষ্ঠান
গোৱালপাৰা, ১৩ জুলাই (হি.স.)। পথাৰো আমাৰ, বজাৰো আমাৰ—এই সংকল্পৰে গোৱালপাৰাৰ কল্যানপুৰত ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হয় ভূঁই ৰোৱা অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কৃষক মৰ্চাৰ সভাপতি পংকজ বৰবৰা, অংশগ্ৰহণ কৰে পশ্চিম গোৱ
গোৱালপাৰাৰ কল্যানপুৰত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত অনুষ্ঠিত ভূঁই ৰোৱা অনুষ্ঠান


গোৱালপাৰা, ১৩ জুলাই (হি.স.)। পথাৰো আমাৰ, বজাৰো আমাৰ—এই সংকল্পৰে গোৱালপাৰাৰ কল্যানপুৰত ভাৰতীয় জনতা পাৰ্টীৰ কৃষক মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হয় ভূঁই ৰোৱা অনুষ্ঠান।

অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কৃষক মৰ্চাৰ সভাপতি পংকজ বৰবৰা, অংশগ্ৰহণ কৰে পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভা ।

পুৱাই কল্যাণপুৰ ৰাইজ আৰু বিজেপি কৰ্মকৰ্তা সকলৰ লগত একেলগে সমূহীয়া ভাৱে ভুই ৰুয়ে বিধায়ক পবিত্ৰ ৰাভাই।

স্থানীয় কৃষক আৰু গাঁওবাসীৰ সক্ৰিয় অংশগ্ৰহণেৰে অনুষ্ঠিত এই কাৰ্যসূচীত কৃষিক্ষেত্ৰত যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

নিজে পথাৰত নামি ভূঁই ৰুই বিধায়ক পবিত্ৰ ৰাভাই কয় “পথাৰো আমাৰ, বজাৰো আমাৰ” কেৱল শ্লোগান নহয়, ইয়াক বাস্তৱত ৰূপায়ণ কৰা হ’ব। কৃষি প্ৰধান গোৱালপাৰা জিলাত নৱ প্ৰজন্মক কৃষিৰ সৈতে জড়িত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু সহযোগিতা আগবঢ়োৱাৰ কথাও তেওঁ উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande