
গোৱালপাৰা, ১৩ জুলাই (হি.স.)। গোৱালপাৰা জিলাৰ ধনুভাঙাত ৰেলপথত মৃতদেহ উদ্ধাৰ ৷ পুৱাৰ ভাগতে ৰেলে কাটে লোকজনক ৷ ধনুভাঙাৰ কেৰ্কাজানী গাঁৱৰ সমীপৰ কামাখ্যা-যোগীঘোপা সংযোগী ৰেলপথত সংঘটিত হয় কৰুণ ঘটনাটো ৷ ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো ধনুভাঙাৰ মাদাং গাঁৱৰ নগেন ৰাভা(৫০) বুলি চিনাক্ত পৰিয়ালৰ লোকৰ ৷
নিজ পুত্ৰই চিনাক্ত কৰে মৃতদেহটো ৷
আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা