
কামৰূপ, ১৩ জুলাই (হি.স.)। নগৰবেৰাৰ খামেৰীত নিশা আৰক্ষীয়ে এক অভিযান চলাই চাৰি গৰাকী জুৱাৰীক আটক কৰি সোমবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। সংশ্লিষ্ট আৰক্ষী থানাৰ এলেকাধীন খামেৰীত গোপন খবৰৰ ভিত্তিত নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰজিৎ দাসৰ নেতৃত্বত এদল আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে অভিযান চলাই চাৰি গৰাকী জুৱাৰী ক্ৰমে মনোৱাৰা হুছেইন, শ্বাহজাহান আলী, গোলাপ আলী আৰু আমজাদ হুছেইনক আটক কৰি থানালৈ আনে।
ধৃত জুৱাৰী কেইজনৰ পৰা আৰক্ষীয়ে নগদ ৩৪,৮৮০ টকা, পাঁচটা মোবাইল ফোনৰ লগতে বৃহৎ পৰিমাণৰ জুৱা খেলৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। ধৃত জুৱাৰী কেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে ৪০ /২৬ নম্বৰত এক গোচৰ ৰুজু কৰি আটাইকেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। উল্লেখ্য যে, ড্ৰাগছ, মদ জুৱাকে ধৰি বিভিন্ন অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে আগলৈ নগৰবেৰা আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সাংবাদিকক জানিবলৈ দিয়ে নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰজিৎ দাসে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু