
ইম্ফল, ১৩ জুলাই (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘণ্টাত চলা পৃথক পৃথক অভিযানত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ চাৰিজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে। ইয়াৰে এজনৰ পৰা এটা এছ এল আৰ ৰাইফল, সজীৱ গুলী, আৰু এখন বলেৰো গাড়ীও উদ্ধাৰ কৰা হৈছে।
নিৰাপত্তা বাহিনীয়ে ১২ জুলাইত থাউবাল জিলাৰ য়াইৰিপক থানা এলেকাৰ আংগম ফুটবল টাৰ্ফৰ ওচৰৰ য়াইৰিপক পেচি ৰোডৰ পৰা মাকুই নগা গাঁৱৰ বাসিন্দা চাগিছংটানবৌ নাখাম্মাই (৪৬)ক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা এটা এছ এল আৰ ৰাইফল, মেগজিন, ৭.৬২ মিমি কেলিবাৰৰ ১০টা সজীৱ গুলী, আৰু এখন বলেৰো বাহন উদ্ধাৰ কৰা হৈছে।
একেদৰে ১১ জুলাইত পৃথকে পৃথকে অভিযান চলাই ইম্ফল পূৱ জিলাৰ পোৰমপাট থানা এলেকাৰ পৰা কেচিপি (নংড্ৰেনখোম্বা)ৰ সক্ৰিয় উগ্ৰপন্থী তথা ধনদাবী বুলি অভিযোগ উত্থাপন কৰা মহম্মদ মটিম ওৰফে লান্থোইবা ওৰফে নানাও (৩১)ক গ্ৰেপ্তাৰ কৰা হয়। একেটা সংগঠনৰ আন এজন সক্ৰিয় সদস্য থোংগম প্ৰীথিংগাম্বা মেইটেই (২৬)কো ৱাংখেই আয়াংপল্লী পথৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
তদুপৰি ইম্ফল পূৱ জিলাৰ পোৰমপাট থানা এলেকাৰ কাৰ্কিনোছ হাস্পতালৰ সমীপত ইউ পি পি কেৰ সক্ৰিয় সদস্য চালাম বিজান্দা সিং ওৰফে দীপক ওৰফে মেজৰ (৩৭)ক গ্ৰেপ্তাৰ কৰা হয়।
ইফালে মণিপুৰ আৰক্ষীয়ে মটৰ গাড়ী উলংঘাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি ৬ জুলাইৰ পৰা ১২ জুলাইৰ ভিতৰত ২৫৭টা চালান জাৰি কৰি মুঠ ২.৭৬ লাখ ₹ জৰিমনা সংগ্ৰহ কৰে। একে সময়ছোৱাতে ৯০খন বাহনৰ পৰা ক’লা ফিল্ম আঁতৰাই এখন বাহন জব্দ কৰা হয়।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ