অৰুণাচল প্ৰদেশঃ পাৰ্চী-পাৰলো চক্ৰত বানৰ বিধ্বংসী ৰূপ ধাৰণ
ইটানগৰ, ১৩ জুলাই (হি.স.)। সোমবাৰে পুৱা অৰুণাচল প্ৰদেশৰ কুৰুং কুমেই জিলাৰ কুমেই নদীৰ ওপৰৰ অংশত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ফ্লেছ বানপানীয়ে পাৰ্চী-পাৰলো চাৰ্কল আৰু ডামিন মহকুমাত ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰে। ক্ষতিগ্ৰস্ত বাসিন্দাসকলৰ মতে, হুৰিৰ পৰ
अरुणाचलः बाढ़ के पानी में पूरी तरह डूबे सेंट थॉमस स्कूल का दृश्य।


ইটানগৰ, ১৩ জুলাই (হি.স.)। সোমবাৰে পুৱা অৰুণাচল প্ৰদেশৰ কুৰুং কুমেই জিলাৰ কুমেই নদীৰ ওপৰৰ অংশত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ফ্লেছ বানপানীয়ে পাৰ্চী-পাৰলো চাৰ্কল আৰু ডামিন মহকুমাত ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰে।

ক্ষতিগ্ৰস্ত বাসিন্দাসকলৰ মতে, হুৰিৰ পৰা ডামিন সংযোগী দলংখন কাৰ্ডৰ পেকেটৰ দৰে উটুৱাই নিয়াৰ ফলত পথৰ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে।

পাৰ্চি-পাৰ্লো চাৰ্কলৰ ছেইণ্ট থমাছ স্কুল সম্পূৰ্ণৰূপে ডুব গৈছিল। পাৰ্চি-পাৰলো পৰিদৰ্শন বাংলোটোও ক্ষতিগ্ৰস্ত হয়, আৰু দুটা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়। অৱশ্যে কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।

ইফালে, বেপ্টিষ্ট চাৰ্চত প্ৰৱেশ কৰিছে বানপানীৰ পানী। পাগাম গাঁও সংযোগী দলংখনো জাহ গৈছে।

এই ঘটনাৰ ফলত যাতায়ত, ৰাজহুৱা আন্তঃগাঁথনি, আৱাসিক সম্পত্তিৰ যথেষ্ট ক্ষতিসাধন হৈছে। জিলা প্ৰশাসন অৰ্ধসামৰিক বাহিনী, আৰক্ষী, সাধাৰণ জনতা, আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে সাহায্য অভিযান আৰু ক্ষতিৰ মূল্যায়নৰ বাবে অহৰহ যোগাযোগত থাকে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande