
কোকৰাঝাৰ, ১৩ জুলাই (হি.স.)। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মানোন্নয়নৰ লক্ষ্যৰে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ) আৰু বড়োলেণ্ড ষ্টুডেন্ট ইউনিয়ন (বি এছ ইউ)-ৰ কোকৰাঝাৰ জিলা আৰু ফাকিৰাগ্ৰাম ব্লক সমিতিৰ উদ্যোগত আৰম্ভ হৈছে গ্ৰীষ্মকালীন শিক্ষণ শিবিৰ।
কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ত অনুষ্ঠিত এই শিবিৰৰ শুভ উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়ে।
দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰা এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে ফকিৰাগ্ৰাম পৌৰ সভাৰ পৌৰপতি ছুলতান আলম, বিপিএফৰ কেন্দ্ৰীয় সম্পাদক ড° ৰেজাউল কৰিম, শক্তি আশ্ৰম ভিচিডিচিৰ অধ্যক্ষ ৰমিচ আঞ্জুম, বিদ্যালয়ৰ অধ্যক্ষ লক্ষণ চন্দ্ৰ দাস, বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতি ৰঞ্জিত সিংহ ৰায়ৰ লগতে বিপিএফ যুৱ শাখাৰ কামালউদ্দিন, নুৰ আলম আৰু আন বহু গণ্য-মান্য ব্যক্তি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ