বিটিচিৰ তিনি নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ খয়াৰঘুটুত বাঁহৰ নাৰ্চাৰী তথা উৎপাদন কেন্দ্ৰৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ
কোকৰাঝাৰ, ১৩ জুলাই (হি.স.)। বিটিচিৰ তিনি নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত খয়াৰঘুটুত বাঁহৰ নাৰ্চাৰী তথা উৎপাদন কেন্দ্ৰ স্থাপনৰ আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানত মূখ্য অতিথি হিচাপে হাগ্ৰামা মহিলাৰীয়ে উপস্থিত থাকি আধাৰশিলা স্থাপন কৰে। উক্ত অনুষ
বিটিচিৰ তিনি নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ খয়াৰঘুটুত বাঁহৰ নাৰ্চাৰী তথা উৎপাদন কেন্দ্ৰৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰীৰ


কোকৰাঝাৰ, ১৩ জুলাই (হি.স.)। বিটিচিৰ তিনি নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত খয়াৰঘুটুত বাঁহৰ নাৰ্চাৰী তথা উৎপাদন কেন্দ্ৰ স্থাপনৰ আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানত মূখ্য অতিথি হিচাপে হাগ্ৰামা মহিলাৰীয়ে উপস্থিত থাকি আধাৰশিলা স্থাপন কৰে।

উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, বাঁহভিত্তিক উদ্যোগে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত নতুন দিশ উন্মোচন কৰিব।এই প্ৰকল্পৰ জৰিয়তে উন্নত মানৰ বাঁহৰ পুলি উৎপাদন, বাঁহ খেতিৰ সম্প্ৰসাৰণ, স্থানীয় যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু ক্ষুদ্ৰ উদ্যোগসমূহে অধিক লাভান্বিত হ'ব। লগতে কৃষকসকলক বৈজ্ঞানিক পদ্ধতিত বাঁহ খেতি কৰিবলৈ উৎসাহিত কৰাৰ বাবেও এই কেন্দ্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ উল্লেখ কৰে।

তেওঁ লগতে কয় যে, বিটিচি অঞ্চলত কৃষি আৰু উদ্যান শস্যৰ লগতে বাঁহভিত্তিক উদ্যোগৰ বিকাশ ঘটাই আত্মনিৰ্ভৰশীল সমাজ গঢ়ি তোলাই বিপিএফৰ অন্যতম লক্ষ্য। স্থানীয় ৰাইজেও এই প্ৰকল্পক আদৰণি জনাই, ইয়াৰ সফল ৰূপায়ণৰ জৰিয়তে অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন আৰু বহু পৰিয়ালৰ আৰ্থ-সামাজিক অৱস্থাৰ ইতিবাচক পৰিবৰ্তন ঘটিব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত বিপিএফৰ দলীয় নেতা-কৰ্মী, স্থানীয় গণ্যমান্য ব্যক্তি, গাঁওবাসী আৰু বহু সংখ্যক সমৰ্থক উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande