
হোজাই, ১৩ জুলাই (হি.স.)। লংকাৰ বৰদলংত আৰক্ষীৰ অভিযানত সন্দেহযুক্ত হেৰো'ইন সহ আটক এজন ।
আটকাধীন লোকজনৰ নাম ৰাজকুমাৰ চৌহান। ঘৰ লামডিংত ।
আটকাধীন লোকজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে ৩৭ টা কন্টেইনাৰ সহ এটা পলিথিনৰ পেকেটত ৪৬.৮৬ গ্ৰাম হিৰোইন সহ দুটা ম'বাইল ফোন জব্দ কৰিব সক্ষম হয় ।
লামডিং সম জিলাৰ আৰক্ষী অধীক্ষক সহ লংকা আৰক্ষীৰ এটি দলে বিশেষ সূত্ৰৰ পম খেদি চলাইছিল উক্ত অভিযান।অঞ্চলটোত নিচাসক্ত যুৱকৰ সংখ্য়া অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিপ্তত আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা