ধুবুৰীত দিন ডকাইতিৰ ঘটনা
ধুবুৰী, ১৩ জুলাই (হি.স.)। ধুবুৰীত দিন দুপৰতে এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তৰ এটি দলে কাঢ়ি লৈ গ''ল সোণৰ আ-অলংকাৰকে ধৰি প্ৰায় চাৰি লক্ষাধিক টকাৰ সোণৰ গহণা। ধুবুৰী চহৰৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা জ্যোৎস্না বেগম(৫৯) নামৰ মহিলা গৰাকীয়ে চহৰ খনৰ মিচেল ৰোডলৈ গৈ থা
ধুবুৰীত দিন ডকাইতিৰ ঘটনা


ধুবুৰী, ১৩ জুলাই (হি.স.)। ধুবুৰীত দিন দুপৰতে এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তৰ এটি দলে কাঢ়ি লৈ গ'ল সোণৰ আ-অলংকাৰকে ধৰি প্ৰায় চাৰি লক্ষাধিক টকাৰ সোণৰ গহণা।

ধুবুৰী চহৰৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা জ্যোৎস্না বেগম(৫৯) নামৰ মহিলা গৰাকীয়ে চহৰ খনৰ মিচেল ৰোডলৈ গৈ থাকোঁতে দুজন যুৱকে মহিলা গৰাকীক পুলিচৰ মানুহ বুলি পৰিচয় দি গাৰ পৰা সোণৰ আ-অলংকাৰ সমুহ খুলি বেগত থবলৈ কয়।

মহিলা গৰাকীয়ে সেইমতে তেওঁৰ সোণৰ গহনা সমুহ খুলি বেগ এখনত ভৰাবলৈ লওঁতেই দুৰ্বৃত্তৰ দলটোৱে মহিলা গৰাকীৰ হাতৰ পৰা সোণৰ বেগ টো কাঢ়ি লৈ পলায়ন কৰে।

ঘটনা সন্দৰ্ভত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে

ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande