
ধেমাজি, ১৩ জুলাই (হি.স.)। অহা ২৪ জুলাইত মুক্তি পাব ৰিডিম ক্ৰীয়েশ্বন ৰ বেনাৰত নিৰ্মান হোৱা নতুন অসমীয়া কথাছবি এক্সৱাইজেদ ৰ৷ সাম্প্ৰতিক সময় তথা ৰাজনীতিক উপজীব্য হিচাপে লৈ নিৰ্মান হোৱা এক্সৱাইজেদ ৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে সোমবাৰে ছবিখনৰ প্ৰচাৰৰ বাবে ছবিখনৰ নিৰ্মাণৰ সৈতে জড়িত আন কলাকুশলী সকলৰ সৈতে উপস্থিত হয় ধেমাজিত৷
ধেমাজিৰ ম্যুং চাং হোটেলত ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে এক সংবাদমেল সম্বোধন কৰি অগতানুগতিক ৰূপত চলাই প্ৰচাৰ৷ আনহাতে উক্ত অনুস্থানতে উপস্থিত থকা অসমীয়া ছৱি জগতৰ আন এগৰাকী প্ৰযোজক তথা অভিনেতা নীপ কোঁৱৰে অসমীয়া ছবিজগতৰ বাবে চৰকাৰৰ কৰণীয় বহু আছে বুলি মন্তব্য কৰে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা