
গুৱাহাটী, ১৩ জুলাই (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই ইয়াৰ অধীনত চলাচল কৰা দূৰগামী সমগ্ৰ যাত্ৰীবাহী ৰে’লৰ পৰম্পৰাগত আইচিএফ ডবাৰ পৰা আধুনিক লিংকে হফমেন বুছ (এলএইচবি) ডবালৈ সফলতাৰে পৰিৱৰ্তন কৰিযাত্ৰী সেৱাৰ আধুনিকীকৰণৰ দিশত এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
এই ৰূপান্তৰ সম্পূৰ্ণ হোৱাৰ লগতে লগে এই ৰেলৱেৰ অধীনৰ সৰ্বমুঠ ৫৫খন দূৰগামী যাত্ৰীবাহী ৰে’লৰ লগতে আৰু অন্যান্য ৰেলৱে জনৰ ৪৮খন ৰে’ল সেৱাকে ধৰিএলএইচবি ডবাৰে এতিয়া সৰ্বমুঠ ১০৩খন ৰে’ল চলাচল কৰিব, যাৰ দ্বাৰা ইয়াৰ দীৰ্ঘদূৰত্বৰ ৰে’লসেৱা সমূহ সম্পূৰ্ণৰূপে এলএইচবি সজ্জিত হৈ পৰিছে । এই সফলতা হৈছে ভাৰতীয় ৰেলৱেৰ সমগ্ৰ নেটৱৰ্কজুৰি যাত্ৰী সুৰক্ষা, আৰাম আৰু পৰিচালন দক্ষতা বৃদ্ধিৰ দিশত অবিৰত প্ৰয়াসৰে এক পদক্ষেপ ।
দূৰগামী ৰে’লসমূহক এলএইচবি ডবালৈ ৰূপান্তৰ এক পৰ্যায়ক্ৰমিক পদ্ধতিত কৰা হৈছে । ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়চোৱাত ছয় যোৰ দূৰগামী ৰে’ল সেৱা পৰম্পৰাগত আইচিএফ ডবাৰ পৰা আধুনিক এলএইচবি ডবালৈ উন্নীত কৰা হয়, আনহাতে পাঁচযোৰদূৰগামী নতুন ৰে’লসেৱা এলএইচবি ৰেকৰ সৈতে প্ৰৱৰ্তন কৰা হয় । ইয়াৰ উপৰিও, চলিতবিত্তীয় বৰ্ষৰ সময়চোৱাত ৰাণী কমলাপতি-আগৰতলা-ৰাণী কমলাপতি বিশেষ এক্সপ্ৰেছ ৰেলৰ দৰে অন্যান্য ৰে’লসমূহো এলএইচবিলৈ ৰূপান্তৰিত কৰা হৈছে, যাৰ ফলত সকলো দূৰগামী ৰে’লৰ এলএইচবি ৰূপান্তৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ।
এলএইচবি ডবাৰ প্ৰৱৰ্তনে দূৰগামী ৰেলেৰে ভ্ৰমণ কৰা যাত্ৰীসকলৰ বাবে বহুতো সা-সুবিধা কঢ়িয়াই আনিছে। উন্নত জাৰ্মান প্ৰযুক্তিৰে নিৰ্মিত এলএইচবি ডবাসমূহে এন্টি-ক্লাইম্বিং আৰু এন্টি-টেলিস্কোপিক বৈশিষ্ট্যৰ জৰিয়তে দুৰ্ঘটনাৰ সময়ত উন্নত সুৰক্ষা প্ৰদান কৰি অপ্ৰত্যাশিত পৰিস্থিতিত যাত্ৰীৰ সুৰক্ষা বহু পৰিমাণে বৃদ্ধি কৰি তোলে । উন্নত পৰিচালন স্থিতিশীলতা, শব্দ আৰু কম্পনৰ মাত্ৰা হ্ৰাস, উন্নত সাসপেনচন আৰু উন্নত ব্ৰেকিং প্ৰণালীৰ সৈতে এই ডবাসমূহ অধিক উচ্চ গতিৰে চলিব পাৰে। ইয়াৰ উপৰিও, ষ্টেইনলেছ ষ্টীলৰ গঠন, বৰ্ধিত অগ্নি সুৰক্ষা বৈশিষ্ট্য আৰু নিম্নতম ৰক্ষণাবেক্ষণ প্ৰয়োজনীয়তাই অধিক নিৰ্ভৰযোগ্যতা নিশ্চিত কৰিদীঘলীয়া যাত্ৰাত ভ্ৰমণ কৰা যাত্ৰীসকলক সুগম, প্ৰশান্ত আৰু অধিক আৰামদায়ক ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰে ।
এই ৰূপান্তৰ কাৰ্যসূচীৰ সফল ৰূপায়নে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা আধুনিক প্ৰযুক্তিৰ গ্ৰহণ আৰু বিশ্বমানৰ যাত্ৰী সেৱা প্ৰদানৰ দিশত ইয়াৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সকলো নিজস্ব দূৰগামী ৰে’ল সেৱাসমূহ সম্পূৰ্ণ এলএইচবি ভিত্তিক ৰে’ল সেৱালৈ পৰিৱৰ্তনে কেৱল উত্তৰ-পূৰ্ব্বাঞ্চল আৰু দেশৰ বাকী প্ৰান্তৰ যাত্ৰীসকলৰ ৰে’ল ভ্ৰমণৰ মানদণ্ড উন্নত কৰাই নহয়, লগতে অধিক ফলপ্ৰসূ আৰু পৰিৱেশ অনুকূল ৰে’ল পৰিচালনত অৰিহণা যোগাব।
উত্তৰ-পূব সীমান্ত ৰেলৱেই ভাৰতীয় ৰেলৱেৰ অধিক যাত্ৰী হিতৈষী আৰু কাৰ্যক্ষম পৰিবহন পদ্ধতিৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অবিৰতভাৱে নিজৰ আন্তঃগাঁথনি আৰু ৰোলিং ষ্টক উন্নয়নৰ দিশতসদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ ৰৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী