
মানৱ জীৱন গঢ় দিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ এক উল্লেখযোগ্য কৃতিত্বৰ বাবে ১৪ জুলাই বিশ্ব ইতিহাসত স্মৰণ কৰা হয়। আজিৰ দিনটোতে যন্ত্ৰ ব্যৱহাৰ কৰি কৃত্ৰিম বৰফ উৎপাদনৰ প্ৰথম সফল প্ৰদৰ্শন কৰা হয়।
এই উদ্ভাৱনে খাদ্য সংৰক্ষণ, ঔষধ, পৰিবহণ, শীতল মজুতকে ধৰি বহু ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনৰ ভেটি স্থাপন কৰিছিল। আজি ফ্ৰীজ, কল্ড ষ্ট’ৰেজ, আধুনিক শীতল শৃংখল ব্যৱস্থাৰ দৰে সুবিধাসমূহ এই প্ৰযুক্তিৰ ফল, দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১২২৩ - দ্বিতীয় ফিলিপৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ লুই ফ্ৰান্সৰ ৰজা হয়।
১৬৩৬ - মোগল সম্ৰাট শ্বাহজাহানে ঔৰংজেবক ডেকানৰ ভাইচৰয় হিচাপে নিযুক্তি দিয়ে।
১৭৮৯ - ফৰাচী বিপ্লৱৰ আৰম্ভণি হয়। বিপ্লৱৰ সময়ত পেৰিছৰ জনসাধাৰণে ঐতিহাসিক বেষ্টিল কাৰাগাৰৰ নিয়ন্ত্ৰণ দখল কৰি তাৰ এক বৃহৎ অংশ ধ্বংস কৰি পেলায়।
১৮৫০ - মেচিনত নিৰ্মিত বৰফৰ প্ৰথম ৰাজহুৱা প্ৰদৰ্শন।
১৮৬১ - কল্ট লিং নামৰ এজন আমেৰিকান ব্যক্তিয়ে অতীতৰ উদ্ভাৱনৰ অভিজ্ঞতা আৰু গৱেষণাৰ আধাৰত অস্ত্ৰ হিচাপে মেচিনগান নিৰ্মাণ কৰে।
১৮৬৭ - ছুইডেনৰ ৰসায়নবিদ আলফ্ৰেড নোবেলে প্ৰথমবাৰৰ বাবে ডাইনামাইটৰ পৰীক্ষা কৰে। ডাইনামাইটৰ পৰা উপাৰ্জন কৰা ধনেৰে বিশ্বৰ সৰ্বোচ্চ সন্মান নোবেল বঁটা প্ৰদান কৰা হয়।
১৯১৪ - ৰবাৰ্ট এইচ গডাৰ্ডে প্ৰথমটো তৰল ইন্ধনযুক্ত ৰকেটৰ ডিজাইনৰ পেটেণ্ট লাভ কৰে।
১৯২৭ - হাৱাইত প্ৰথমখন বাণিজ্যিক বিমানৰ উৰণ আৰম্ভ হয়।
১৯৩৩ - জাৰ্মানীৰ নাজী পাৰ্টিয়ে বলপূৰ্বক বন্ধ্যাকৰণ আৰম্ভ কৰে।
১৯৪০ - দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান বোমাৰু বিমানে ছুৱেজত বোমা বিস্ফোৰণ কৰে।
১৯৫১ - চিবিএছে প্ৰথম ৰঙীন ক্ৰীড়া অনুষ্ঠান, ঘোঁৰা দৌৰ সম্প্ৰচাৰ কৰে।
১৯৬৫ - মংগল গ্ৰহৰ কাষেৰে পাৰ হৈ যোৱা নাছাৰ এখন মহাকাশযানে আন এটা গ্ৰহৰ প্ৰথম ক্ল'জ-আপ ফটো তুলিছিল।
১৯৬৯ - জয়পুৰত এখন মালবাহী ৰেল আৰু যাত্ৰীবাহী ৰেলৰ সংঘৰ্ষত ৮৫ জন লোকৰ মৃত্যু হয়।
১৯৬৯ - আমেৰিকাৰ কোষাগাৰ বিভাগ আৰু ফেডাৰেল ৰিজাৰ্ভ ব্যৱস্থাই ৫০০ ডলাৰ, ১০০০ ডলাৰ, ৫,০০০ ডলাৰ আৰু ১০,০০০ ডলাৰৰ নোট বন্ধ কৰি দিয়ে।
১৯৭২ - তেতিয়াৰ ছোভিয়েট ইউনিয়নে ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা চলায়।
১৯৮৭ - টাইৱানত ৩৭ বছৰৰ অন্তত সামৰিক আইন সমাপ্ত হয়।
১৯৯১ - ইৰাকৰ পৰা ব্ৰিটিছ সৈন্য আঁতৰি যায়।
১৯৯৬ - আমেৰিকাই ব্ৰাউন সংশোধনীৰ অধীনত পাকিস্তানলৈ অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে।
১৯৯৯ - মাকাৰি মৰিটাক পাপুয়া নিউগিনিৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।
২০০৩ - ৰাছিয়াৰ য়েলেনা ইচিনবায়েভাই মহিলাৰ পোল ভল্টত এক নতুন বিশ্ব অভিলেখ গঢ়িছিল।
২০০৭ - পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী চালাম ফায়াদে পদত্যাগ কৰে।
২০০৮ - নেপালৰ কাৰ্যবাহী সংসদে প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ ব্যৱস্থা থকা সাংবিধানিক সংশোধনী বিধেয়কত অনুমোদন জনায়।
২০০৮ - ভেনিজুৱেলাৰ ডায়েনা মেণ্ডোজাই মিছ ইউনিভাৰ্ছ খিতাপ লাভ কৰে।
২০০৮ - বিশ্বৰ আটাইতকৈ পুৰণি ইণ্টাৰনেট ব্লগাৰ হিচাপে পৰিচিত এগৰাকী অষ্ট্ৰেলিয়ান মহিলাৰ মৃত্যু হয়।
২০১৩ - ভাৰতত টেলিগ্ৰাম সেৱাৰ অন্ত পৰিল।
২০১৪ - ইংলেণ্ডৰ চাৰ্চে মহিলাসকলক বিচপ হিচাপে নিযুক্তি দিয়াৰ সপক্ষে ভোটদান কৰে।
২০১৫ - নাছাৰ নিউ হৰাইজনছ প্লুটোত উপনীত হোৱা প্ৰথমখন মহাকাশযান হিচাপে পৰিগণিত হয়।
জন্ম
১৮৫৬ - আজিৰ দিনটোতে গোপাল গণেশ আগৰকাৰ - বিখ্যাত সমাজকৰ্মী।
১৯০০ - দেশবন্ধু গুপ্তা - বিখ্যাত দেশপ্ৰেমিক, স্বাধীনতা সংগ্ৰামী, আৰু সাংবাদিক।
১৯০২ - আজিৰ দিনটোতে চন্দ্ৰভানু গুপ্তা - বিখ্যাত স্বাধীনতা সংগ্ৰামী তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
১৯০৯ - ই.এম.এছ. নামবুদিৰিপাদ - বিখ্যাত কমিউনিষ্ট নেতাসকলৰ ভিতৰত অন্যতম আৰু কেৰালাৰ প্ৰথম মুখ্যমন্ত্ৰী।
১৯১০ - উইলিয়াম হান্না - আমেৰিকান কাৰ্টুনকাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা, টম এণ্ড জেৰীৰ সৃষ্টিকৰ্তা।
১৯২০ - শংকৰৰাও চাৱন - ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ।
১৯২৯ - কৈলাশ চন্দ্ৰ যোশী - ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
১৯৪২ - কে কলিমুথু - নৱম লোকসভাৰ সদস্য।
১৯৭১ - অনিল ফিৰোজিয়া - উজ্জয়িনৰ পৰা বিজেপি লোকসভাৰ সাংসদ।
মৃত্যু
২০০৮ - ৱাই ভি চন্দ্ৰচুদ - ভাৰতৰ প্ৰাক্তন ১৬ সংখ্যক মুখ্য ন্যায়াধীশ।
২০০৩ - লীলা চিটনিছ - বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।
১৯৮২ - ৰমন বিশ্বনাথন - প্ৰখ্যাত ভাৰতীয় চিকিৎসা বিজ্ঞানী।
১৯৭৫ - মদন মোহন - ১৯৫০, ১৯৬০, ১৯৭০ চনৰ এজন প্ৰখ্যাত বলীউড চলচ্চিত্ৰ সংগীত পৰিচালক।
১৮৯৬ - আজিৰ দিনটোতে ৰাজা লক্ষ্মণ সিং - হিন্দী সাহিত্যৰ ইতিহাসৰ লগত জড়িত এজন সুপৰিচিত সাহিত্যিক ব্যক্তি।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া