১০০ শতাংশ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে বৰপেটাৰ ৰাজপথত কলেজীয়া ছাত্ৰৰ গান্ধীবাদী প্ৰতিবাদ
বৰপেটা, ১৩ জুলাই (হি.স.)। ৰাজপথত ছাত্ৰৰ গান্ধীবাদ | ১০০ শতাংশ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ গান্ধীবাদ । যাত্ৰীবাহী বাছ, পেট্ৰ''ল ডিজেল চালিত সৰু বাহনৰ লগতে ই-ৰিক্সা সমুহৰ বৃদ্ধি কৰা হৈছে ১০০ শতাংশ ভাড়া । সম্পূৰ্ণ গান্ধীবাদী আদৰ্
১০০ শতাংশ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে বৰপেটাৰ ৰাজপথত কলেজীয়া ছাত্ৰৰ গান্ধীবাদী প্ৰতিবাদ


বৰপেটা, ১৩ জুলাই (হি.স.)। ৰাজপথত ছাত্ৰৰ গান্ধীবাদ |

১০০ শতাংশ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ গান্ধীবাদ ।

যাত্ৰীবাহী বাছ, পেট্ৰ'ল ডিজেল চালিত সৰু বাহনৰ লগতে ই-ৰিক্সা সমুহৰ বৃদ্ধি কৰা হৈছে ১০০ শতাংশ ভাড়া ।

সম্পূৰ্ণ গান্ধীবাদী আদৰ্শৰে যান বাহনৰ চালক সকলক ছাত্ৰ ছাত্ৰীৰ গাড়ীভাড়া ৫০ শতাংশ কমাই লবলৈ অনুৰোধ জনাই ৰাজপথত ব্যতিক্ৰমী প্ৰতিবাদ ছাত্ৰৰ |

বৰপেটা ৰোডৰ শিমলাগুৰিত বিএইছ কলেজ, জিএলচি কলেজকে ধৰি কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ সকলে বাছ, ই-ৰিক্সা আদি বিভিন্ন যান বাহনৰ চালক সকলক ছাত্ৰ ছাত্ৰীক ৫০ শতাংশ ভাড়া ৰেহাইৰ অনুৰোধ জনায় |

উল্লেখ্য যে শেহতীয়াভাবে নামনিৰ কেইবাখনো জিলাত যান বাহনৰ ভাৰা ১০০ শতাংশ বৃদ্ধি কৰা হৈছে |

ফলত দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকল সমস্যাৰ সন্মুখীন হৈছে |

যদিহে অহা ৫ আগষ্টৰ ভিতৰত ছাত্ৰ ছাত্ৰী সকলক ভাড়াৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা নহয় তেন্তে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ একাংশ ছাত্ৰৰ ।

এইক্ষেত্ৰত ব্যৱস্থা লবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো আহ্বান ভাগিন সকলৰ |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande