চিৰাঙৰ আই নৈৰ বাঢ়নী পানীত প্লাবিত বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও
চিৰাঙ, ১৩ জুলাই (হি.স.)। চিৰাঙৰ আই নৈৰ বাঢ়নী পানীত প্লাবিত বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও । কালি নিশাৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভুটান তথা ভুটানৰ দাতিকাষৰীয়া অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত ভুটান পাহাৰৰ পৰা নামি অহা বাঢ়নী পানীয়ে চিৰাং জিলাৰ আ
চিৰাঙৰ আই নৈৰ বাঢ়নী পানীত প্লাবিত বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও


চিৰাঙ, ১৩ জুলাই (হি.স.)। চিৰাঙৰ আই নৈৰ বাঢ়নী পানীত প্লাবিত বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও ।

কালি নিশাৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ ভুটান তথা ভুটানৰ দাতিকাষৰীয়া অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত ভুটান পাহাৰৰ পৰা নামি অহা বাঢ়নী পানীয়ে চিৰাং জিলাৰ আই নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত নৈপৰীয়া গাঁও সমূহত আজি পুৱাৰ পৰা বানপানীৰ সৃষ্টি কৰিছে ।

বিশেষকৈ আই নৈৰ বাঢ়নী পানীয়ে আজি পুৱাৰ ভাগত বেংতল ৰাজহচক্ৰৰ অন্তৰ্গত মাদাৰপুৰ, নেপালপাৰা আদি গাঁৱত বানপানীৰ সৃষ্টি কৰিছে।

আই নৈৰ বাঢ়নী পানীত বুৰ যাবলৈ ধৰিছে মাদাৰপুৰ গাঁৱৰ নৈপৰীয়া বহুলোকৰ বাসগৃহ । আই নৈৰ বানপানীত ক্ষতিগ্ৰস্থ হবলৈ ধৰিছে কৃষিভূমি ।

এইদৰে ভুটান পাহাৰত যদি প্ৰৱল বৃষ্টিপাত অব্যাহত থাকে তেন্তে নামনি অংশত আই নৈৰ বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ আশংকাত ভূগিছে নৈপৰীয়া ৰাইজে ।

উল্লেখ্য যে আই নৈৰ লগতে ভুটানৰ পৰা নামি অহা চম্পাৱতী, নাঙলভাঙা আৰু মাক্ৰা নৈৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ খবৰ পোৱা গৈছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande