কোকৰাঝাৰত সংঘটিত চুৰিকাণ্ডত ৭ লাখ টকাৰ সোণ-নগদ ধন লুট
কোকৰাঝাৰ, ১৩ জুলাই (হি.স.)। কোকৰাঝাৰ চহৰৰ সুভাষপল্লীৰ ৩ নং ৱাৰ্ডত সংঘটিত হৈছে এক দুঃসাহসিক চুৰিকাণ্ড। ব্যৱসায়ী জয়দীপ সাহা ৰয়ৰ বাসগৃহত দেওবাৰে মাজনিশা খিৰিকীৰে প্ৰৱেশ কৰি চোৰে আলমাৰীৰ তলা ভাঙি প্ৰায় ৭ লাখ টকাৰ সোণৰ আ-অলংকাৰ আৰু নগদ ২৫ হাজাৰ টকা লুটি
কোকৰাঝাৰত সংঘটিত চুৰিকাণ্ডত ৭ লাখ টকাৰ সোণ-নগদ ধন লুট


কোকৰাঝাৰ, ১৩ জুলাই (হি.স.)। কোকৰাঝাৰ চহৰৰ সুভাষপল্লীৰ ৩ নং ৱাৰ্ডত সংঘটিত হৈছে এক দুঃসাহসিক চুৰিকাণ্ড। ব্যৱসায়ী জয়দীপ সাহা ৰয়ৰ বাসগৃহত দেওবাৰে মাজনিশা খিৰিকীৰে প্ৰৱেশ কৰি চোৰে আলমাৰীৰ তলা ভাঙি প্ৰায় ৭ লাখ টকাৰ সোণৰ আ-অলংকাৰ আৰু নগদ ২৫ হাজাৰ টকা লুটি নিয়ে।

ঘটনাৰ পিছতে ভুক্তভোগী পৰিয়ালটোৱে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে চোৰক চিনাক্ত কৰাৰ বাবে অভিযান চলাই আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande