
কাৰ্বি আংলং, ১৩ জুলাই (হি.স.)। কাৰ্বি আংলং জিলাৰ জিলাৰ ডিফু পানবাৰী অঞ্চলত যোৱা নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় তিনি কোঠালীৰ এটি বাঁহৰ ঘৰ ।
জানিব পৰা মতে, ঘটনাৰ সময়ত ঘৰৰ ভিতৰত কোনো লোক নাছিল । ঘৰৰ গৰাকী মহিদুল আলীৰ পৰিয়ালত শিশুসহ মুঠ ৭ জন সদস্য । সৌভাগ্যক্ৰমে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই । খবৰ পোৱাৰ লগে লগে অগ্নি আৰু জৰুৰী সেৱা বিভাগৰ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে আৰু কাষৰীয়া ঘৰলৈ জুই বিয়পি যোৱাটো ৰোধ কৰে ।
বাতৰি যুগুতোৱা সময়লৈকে অগ্নিকাণ্ডৰ সঠিক কাৰণ স্পষ্ট হোৱা নাই । কিন্তু ঘৰৰ গৰাকী মহিদুল আলীৰ পৰিয়ালৰ তৰফৰ পৰা সন্দেহ প্ৰকাশ কৰি কয় যে কোনো লোকে ইচ্ছাকৃতভাৱে এই অগ্নিকাণ্ড সংঘটিত কৰিব পাৰে আৰু ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে তদন্ত চলোৱাৰ দাবী উত্থাপন কৰে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু