
পাটনা, ১৩ জুলাই (হি.স.)। বিহাৰত বাংকিপুৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে সোমবাৰে মনোনয়ন দাখিল কৰা জনশক্তি জনতা দলৰ প্ৰাৰ্থী বীনা মনৱীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। খবৰ অনুসৰি, বিচাৰাধীন গোচৰত জাৰি কৰা ৱাৰেণ্টৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।
গ্ৰেপ্তাৰৰ পিছত জনশক্তি জনতা দলৰ ৰাষ্ট্ৰীয় সভাপতি তেজ প্ৰতাপ যাদৱে এই কাৰ্যক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁৰ দলৰ প্ৰাৰ্থীক ভুৱা গোচৰত জড়িত কৰি নিৰ্বাচনী প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত প্ৰকাশ পোৱা এক ভিডিঅ’ বাৰ্তাত তেজ প্ৰতাপ যাদৱে কয় যে মহিলাৰ ওপৰত অন্যায় হ’লে ন্যায়ৰ বাবে যুঁজিব। তেওঁ দাবী কৰে যে নিৰ্বাচনত বীনা মনৱীৰ অৱস্থা শক্তিশালী আছিল আৰু সেয়েহে ইচ্ছাকৃতভাৱে তেওঁক লক্ষ্য কৰি লোৱা হৈছিল।
তেজ প্ৰতাপ যাদৱে কয়, যেতিয়া এগৰাকী নাৰীৰ লগত অন্যায় কৰা হয়, তেতিয়া কৃষ্ণৰ সুদৰ্শন চক্ৰই কাম কৰে। এতিয়া বিহাৰলৈ অহাৰ পিছত মোৰ সুদৰ্শন চক্ৰই কাম কৰিব। বীনা মানৱীয়ে জয়ী হৈছে, গতিকে তাইক ইচ্ছাকৃতভাৱে ফ্ৰেম কৰা হৈছে।
তেজ প্ৰতাপ যাদৱে কয় যে তেওঁ বৰ্তমান দিল্লীত আছে যদিও অতি সোনকালে বিহাৰলৈ উভতি আহিব। বিহাৰত উপস্থিত হোৱাৰ পিছত সমগ্ৰ বিষয়টো সন্দৰ্ভত চৰকাৰক ঘেৰাও কৰি সংবাদমেলৰ জৰিয়তে বিতং তথ্য প্ৰদান কৰিব বুলিও তেওঁ কয়।
গ্ৰেপ্তাৰৰ সময় সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে তেজ প্ৰতাপে। তেওঁ কয় যে যদি আৰক্ষীৰ হাতত ইতিমধ্যে গ্ৰেপ্তাৰৰ পৰোৱানা আছে তেন্তে বিগত তিনিদিন ধৰি বীনা মনৱীয়ে অবিৰতভাৱে প্ৰচাৰ চলাই থকাৰ সময়ত কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। তেওঁৰ মতে, মনোনয়ন দাখিল কৰাৰ লগে লগে গ্ৰেপ্তাৰ হোৱাটোৱে বহু প্ৰশ্নৰ উত্থাপন কৰে।
এগৰাকী মহিলা প্ৰাৰ্থীৰ ওপৰত অন্যায় কৰা হৈছে বুলিও অভিযোগ কৰে আৰু তেওঁৰ দলে গণতান্ত্ৰিকভাৱে ইয়াৰ প্ৰতিবাদ কৰিব।
বৰ্তমান এই গ্ৰেপ্তাৰ সন্দৰ্ভত আৰক্ষীয়ে কোনো বিতং আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। বিষয়টো সন্দৰ্ভত ৰাজনৈতিক বাক্যবাণ তীব্ৰতৰ হৈ পৰিছে, আৰু অনাগত দিনত বিষয়টো তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ