নগালেণ্ডত সংঘটিত আইডি বিস্ফোৰণত শ্বহীদ এজন আসাম ৰাইফলৰ জোৱান, আহত পাঁচজন
কহিমা, ১৩ জুলাই(হি.স.)। পুনৰ নগালেণ্ডত সংঘটিত হৈছে আইইডি বিস্ফোৰণৰ ঘটনা । নগালেণ্ডৰ ডিমাপুৰৰ চুকুভীত সংঘটিত হয় উক্ত আইইডি বিস্ফোৰণৰ ঘটনা । অসম ৰাইফলছৰ কনভয়ত লক্ষ্য কৰি উক্ত বিস্ফোৰণ সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে । বিস্ফোৰণত অসম ৰাইফলছৰ এগৰাকী জো
নগালেণ্ডত সংঘটিত আইডি বিস্ফোৰণত শ্বহীদ এজন আসাম ৰাইফলৰ জোৱান, আহত পাঁচজন


কহিমা, ১৩ জুলাই(হি.স.)। পুনৰ নগালেণ্ডত সংঘটিত হৈছে আইইডি বিস্ফোৰণৰ ঘটনা । নগালেণ্ডৰ ডিমাপুৰৰ চুকুভীত সংঘটিত হয় উক্ত আইইডি বিস্ফোৰণৰ ঘটনা । অসম ৰাইফলছৰ কনভয়ত লক্ষ্য কৰি উক্ত বিস্ফোৰণ সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে ।

বিস্ফোৰণত অসম ৰাইফলছৰ এগৰাকী জোৱান নিহত হোৱা বুলি নিশ্চিত কৰা হৈছে । বিস্ফোৰণত গুৰুতৰভাবে আঘাতপ্রাপ্ত হৈছে আন কেইবাজনো জোৱান । অৱশ্য়ে অসমৰ্থিত সুত্ৰ অনুসৰি আইডি বিস্ফোৰণৰ ঘটনাটোত তিনিজন সেনা জোৱান শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে । নগালেণ্ডৰ চুমুকেদিমা জিলাৰ সোখুভি গাঁৱৰ সমীপত উক্ত আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছে বুলি অৱসৰ প্ৰাপ্ত মেজৰ দ্বিগবিজয় সিং ৰাওতে সামাজিক মাধ্যমত প্ৰকাশ কৰে ।

ঘটনাত কোন সংগঠন জড়িত এই পৰ্যন্ত সেনা বাহিনীৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক ভাবে প্ৰকাশ কৰা হোৱা নাই যদিও অৱসৰ প্ৰাপ্ত মেজৰ দ্বিগবিজয় সিং ৰাওতে উক্ত আক্ৰমণৰ ঘটনাৰ সৈতে এনএছচিএন আৰু আলফা(স্বা.)জৰিত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে । অৱশ্যে উক্ত আক্ৰমণৰ ঘটনাৰ কোনো উগ্ৰপন্থী সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই ডিমাপুৰ আৰক্ষী আৰু অসম ৰাইফলছৰ ইতিমধ্যে আৰম্ভ কৰিছে অভিযান ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande