সাহসী শ্বহীদ জোৱান মহম্মদ ইকবাললৈ লেফটেনেণ্ট জেনেৰেল বিকাশ লখেৰাৰ শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, ১৩ জুলাই(হি.স.)। নগালেণ্ডত আইইডি বিস্ফোৰণত শ্বহীদ হোৱা সাহসী জোৱান মহম্মদ ইকবাললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে লেফটেনেণ্ট জেনেৰেল বিকাশ লখেৰাই । নগালেণ্ডৰ ডিমাপুৰৰ চুকুভীত সংঘটিত হয় উক্ত আইইডি বিস্ফোৰণৰ ঘটনা । অসম ৰাইফলছৰ কনভয়ত লক্ষ্য কৰি উ
সাহসী জোৱান মহম্মদ ইকবাল


গুৱাহাটী, ১৩ জুলাই(হি.স.)। নগালেণ্ডত আইইডি বিস্ফোৰণত শ্বহীদ হোৱা সাহসী জোৱান মহম্মদ ইকবাললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে লেফটেনেণ্ট জেনেৰেল বিকাশ লখেৰাই । নগালেণ্ডৰ ডিমাপুৰৰ চুকুভীত সংঘটিত হয় উক্ত আইইডি বিস্ফোৰণৰ ঘটনা । অসম ৰাইফলছৰ কনভয়ত লক্ষ্য কৰি উক্ত বিস্ফোৰণ সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে ।

লেফটেনেণ্ট জেনেৰেল বিকাশ লখেৰা, এ ভি এছ এম, এছ এম, ডাইৰেক্টৰ জেনেৰেল আছাম ৰাইফলছ এণ্ড অল ৰেংকছ অৱ আছাম ৰাইফলছৰ প্ৰতি আজি নাগালেণ্ডত কৰ্তব্যৰ ৰেখাত সৰ্বোচ্চ বলিদান দিয়া হাভিলদাৰ মহম্মদ ইকবালক গম্ভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আমাৰ সাহসী জোৱানজনৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই শোকৰ সময়ত শোকসন্তপ্ত পৰিয়ালটোৰ সৈতে দৃঢ়তাৰে থিয় দিছে ডাইৰেক্টৰ জেনেৰেল আছাম ৰাইফলছ এণ্ড অল ৰেংকছ অৱ আছাম ৰাইফলছৰ জোৱান তথা বিষয়াসকল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande