ৰঙাপৰাৰ টেঙাবিল গাঁৱত বন্য়হস্তীৰ আক্ৰমণত এগৰাকী বৃদ্ধা গুৰুতৰভাৱে আহত
শোণিতপুৰ, ১৩ জুলাই (হি.স.)। শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ সমীপৱৰ্তী টেঙাবিল গাঁৱত নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা তিনিটা বনৰীয়া হাতীয়ে সৃষ্টি কৰে তাণ্ডৱ। হাতীৰ জাকটোৱে গাঁওখনৰ ৰতন মুছাহাৰীৰ দোকান খনৰ পকীবেৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে দোকানত থক
ৰঙাপৰাৰ টেঙাবিল গাঁৱত বন্য়হস্তীৰ আক্ৰমণত এগৰাকী বৃদ্ধা গুৰুতৰভাৱে আহত


শোণিতপুৰ, ১৩ জুলাই (হি.স.)। শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ সমীপৱৰ্তী টেঙাবিল গাঁৱত নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা তিনিটা বনৰীয়া হাতীয়ে সৃষ্টি কৰে তাণ্ডৱ। হাতীৰ জাকটোৱে গাঁওখনৰ ৰতন মুছাহাৰীৰ দোকান খনৰ পকীবেৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে দোকানত থকা বিভিন্ন খাদ্য সামগ্ৰী ভক্ষণ কৰাৰ উপৰিও বন্য়হস্তীৰ আক্ৰমণত হাফাং নাৰ্জাৰী নামৰ এগৰাকী বৃদ্ধা আহত হয়। বনৰীয়া হাতীৰ উপদ্ৰৱত স্থানীয় ৰাইজ শংকিত হৈ পৰিছে।

উল্লেখ্য যে, ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ টেঙাবিল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পোৱাত ৰাইজ চিন্তিত হৈ পৰিছে। সেয়েহে আমাৰীবাৰী মধ্যম বনাঞ্চলিক কাৰ্যালয়ৰ বন বিভাগক অতি শীঘ্ৰে হাতীকেইটাক নিৰাপদে পুনৰ বনাঞ্চললৈ খেদি পঠিয়াবলৈ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande