
গুৱাহাটী, ১৩ জুলাই (হি.স.)। অসম প্ৰিমিয়াৰ লীগক লৈ যথেষ্ঠ আশাবাদী ৰাজ্যিক ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ ৷ অহা এক আগষ্টৰ পৰা আৰম্ভ হ’বলগা লীগ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি গগৈয়ে কয় যে অসমে দীৰ্ঘ সময় ধৰি এনে এখন মঞ্চ বিচাৰি আছিল যাৰ দ্বাৰা ৰাজ্যৰ ক্ৰিকেটে নতুন উত্তৰণৰ পথ আৰু গতি লাভ কৰিব পাৰে৷ এ পি এলে সেই অভাবে পুৰণ কৰিব ৷
‘অসমৰ মানুহৰ হৃদয়ত ক্ৰিকেটে এক বিশেষ স্থান দখল কৰি আছে আৰু এ পি এলৰ আৰম্ভণিয়ে ৰাজ্যখনত ক্ৰীড়াৰ এক নিৰ্ণায়ক ভূমিকা ল’ব ৷ ৰাজ্যৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰসকলক তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ আৰু সৰ্বোচ্ছ স্তৰত তেওঁলোকৰ আকাংক্ষা পূৰ্ণ কৰিবলৈ এক নিৰ্দিষ্ট মঞ্চ প্ৰদান কৰিব ৷ আমি উদ্বোধনী বৰ্ষতে লীগখন ক্ৰিকেটপ্ৰেমীৰ বাবে ৰোমাঞ্চিত কৰি তোলাকৈ আয়োজন কৰাৰ দিশত আগবাঢ়িছো ৷’ এচিএৰ সভাপতিজনে এইদৰে ব্যক্ত কৰে ৷
অহা ১৯ জুলাইত হ’বলগা এ পি এলৰ খেলুৱৈ নিলামৰ চৰ্চা আৰু উৎকণ্ঠা চলি থকা সময়তে সভাপতিগৰাকীয়ে লগতে কয় যে অসমৰ প্ৰতিখন জিলাৰ ক্ৰিকেটাৰ নিলামত আছে ৷ এসপ্তাহৰ অধীৰ অপেক্ষাৰ পিছত তেওঁলোকে গম পাব আঠটা দলৰ কোনটো দলক তেওঁলোকে প্ৰতিনিধিত্ব কৰিব ৷ নতুন পৰিচয়ৰে নতুন লীগ খেলাৰ খেলাৰ অভিজ্ঞতাও তেওঁলোকে পাব৷ নিজৰ দক্ষতা বিশ্বত প্ৰতিফলিত কৰাৰ এয়া সুন্দৰ সুযোগ ৷
উল্লেখ্য যে ২৭৫ গৰাকী ক্ৰিকেটাৰৰ নিলাম হ’ব লগা প্ৰথম এ পি এলৰ বাবে ইতিমধ্যে এচিএ ২০গৰাকী মাৰ্কী খেলুৱৈৰ তালিকা ঘোষণা কৰিছে ৷ ঘৰুৱা ক্ৰিকেটৰ প্ৰদৰ্শনৰ ভিত্তিত ডেনিছ দাস, শিৱশংকৰ ৰয়, সুমিত কাশ্যপ, স্বৰূপম পুৰকায়স্থ আৰু জিতুমণি কলিতাই বেটিং আৰু অল ৰাউণ্ডাৰৰূপে স্থান লাভৰ বিপৰীতে মৃন্ময় দত্ত, মুক্তাৰ হুছেইন, অবিনৱ চৌধুৰী, ৰাহুল সিং, ছাদাক হুছেইন আৰু ভাৰ্গব প্ৰতিমে বলাৰৰূপে শিৰোনামত আছে ৷ সাহিল জৈন, প্ৰদ্যুন শইকীয়া, সৌৰভ মৌচম দিহিঙিয়া, আব্দুল আজিজ, আকাশ সেনগুপ্তা, আয়ুষ্মান মালাকাৰ, সুমিত ঘাদীগাৱকাৰ, ৰোহিত সেন আৰু ৰুহিনন্দন পেগু তালিকাত থকা আন ঘৰুৱা তাৰকা ৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী