কাটিগড়া আৰক্ষীৰ অভিযানত ৬ হাজাৰ য়াবা টেবলেট, দুটা মোবাইল ফোন জব্দ,এজনক গ্ৰেপ্তাৰ
কাছাৰ, ১৩ জুলাই (হি.স.)। বৰাক উপত্যকাত ড্ৰাগছ বিৰোধী অভিযানত পুনৰ সফলতা অৰ্জন কৰিলে কাতিগড়া আৰু কালাইন থানাৰ আৰক্ষীয়ে। এক গোপন সূত্ৰৰ ভিত্তিত দেওবাৰে গভীৰ নিশা লটিমাৰা গাঁৱত যৌথ অভিযানত প্ৰায় ৬ হাজাৰ য়াবা টেবলেট জব্দ কৰা হয়। উক্ত ঘটনাত লাহমালি
কাটিগড়া আৰক্ষীৰ অভিযানত ৬ হাজাৰ য়াবা টেবলেট, দুটা মোবাইল ফোন জব্দ,এজনক গ্ৰেপ্তাৰ


কাছাৰ, ১৩ জুলাই (হি.স.)। বৰাক উপত্যকাত ড্ৰাগছ বিৰোধী অভিযানত পুনৰ সফলতা অৰ্জন কৰিলে কাতিগড়া আৰু কালাইন থানাৰ আৰক্ষীয়ে। এক গোপন সূত্ৰৰ ভিত্তিত দেওবাৰে গভীৰ নিশা লটিমাৰা গাঁৱত যৌথ অভিযানত প্ৰায় ৬ হাজাৰ য়াবা টেবলেট জব্দ কৰা হয়। উক্ত ঘটনাত লাহমালি গাঁৱৰ বাসিন্দা হাছান আহমেদক গ্ৰেপ্তাৰ কৰি তেওঁৰ পৰা দুটা মোবাইল ফোন জব্দ কৰা হয়।

জব্দ কৰা মোবাইল ফোন সমূহৰ পৰা কল ৰেকৰ্ড আৰু ডিজিটেল তথ্য বিশ্লেষণ কৰি গেংটোৰ আন সদস্য সকলক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। কাটিগড় থানাৰ অ’চি নব কুমাৰ শইকীয়াৰ নেতৃত্বত এই অভিযান। তেওঁৰ সৈতে কালাইন থানাৰ উপ-পৰিদৰ্শক বিশাল সিনহা, কাটিগড়া থানাৰ এছ আই জ্যোতিষ নাথ, এছ আই সমন আলী মজুমদাৰকে ধৰি অন্যান্য আৰক্ষী বাহিনী উপস্থিত থাকে। আৰক্ষীৰ এই সফলতাক স্থানীয় বাসিন্দা সকলে আদৰণি জনাইছে। সীমান্তৱৰ্তী অঞ্চলত ড্ৰাগছ সৰবৰাহ ৰোধ কৰিবলৈ নিয়মীয়া অভিযান আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি দাবী কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande