
গুৱাহাটী, ১২ জুলাই (হি.স.)। ৰাজ্যৰ কৃষিখণ্ডত ১,৭৮৯ কোটি টকা আৰু জলসিঞ্চন বিভাগত ৯৫৪ কোটি টকাৰ বাজেট ধাৰ্যৰে অসমত নতুন কৃষি বিপ্লৱৰ সূচনাৰ বাবে লক্ষ্য স্থিৰ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন এনডিএ চৰকাৰে । পূৰ্বৰ চৰকাৰৰ সময়ত আৰম্ভ কৰা অধিকাংশ আঁচনিয়েই বর্তমানেও বাহাল ৰখাৰ লগতে নতুনকৈ কৃষি আৰু জলসিঞ্চনৰ ক্ষেত্ৰত কেইবাখনো অভিলাষী আঁচনি গ্রহণ কৰা হ'ব বুলি বিত্তমন্ত্রী জয়ন্ত মল্ল বৰুৱাই বাজেট ভাষণত ঘোষণা কৰিছে।
প্ৰচুৰ জলসম্পদেৰে পৰিপূৰ্ণ বানমুক্ত অসম অভিযানত বৃহৎ সফলতা লাভ কৰাৰ পিছত অসম চৰকাৰে জলসম্পদসমূহক উৎপাদনশীল কাৰ্যত ব্যৱহাৰ কৰিবলৈ জলসিঞ্চন খণ্ডৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে । বহু বছৰ ধৰি এলাগী হৈ থকা জলসিঞ্চন খণ্ডটোক অধিক গুৰুত্ব প্রদানৰ বাবে এইবাৰ বাজেটত অসম চৰকাৰে বিশেষ পদক্ষেপ ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে ।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থাত আমোল পৰিৱৰ্তন সাধনেৰে উচ্চ চাপযুক্ত পাইপলাইন বিতৰণ নেটৱৰ্কৰ ব্যৱস্থা গ্রহণ কৰা কথা সদৰী কৰিছে । উচ্চ চাপযুক্ত পাইপলাইন বিতৰণ নেটৱৰ্কৰ ফলত কেৱল ভূমি অধিগ্ৰহণৰ খৰচ আৰু পানীৰ অপচয় হ্রাস পোৱাই নহয়, বৰঞ্চ ইয়াৰ জৰিয়তে প্রকল্পসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাৰ অতিৰিক্ত সুবিধাও পোৱা যাব। ই অতি কম সময়ৰ ভিতৰত ৰাজ্যৰ কৃষি খণ্ডলৈ এক অভূতপূর্ব বিপ্লৱ কঢ়িয়াই আনিব ।
পাইপলাইনযুক্ত বিতৰণ নেটৱৰ্কৰ সৈতে ক্ষুদ্ৰ আৰু মজলীয়া উত্তোলিত জলসিঞ্চন আঁচনিসমূহ চিনাক্ত আৰু ৰূপায়ণ কৰিবলৈ বৰাক, সোৱণশিৰি, মানাহ, বেকী, পুঠিমাৰী, জীয়াভৰলী, ধনশিৰি, কপিলী আদিৰ দৰে নদীৰ খৰাং বতৰত ভূ-পৃষ্ঠৰ পানীৰ উপলব্ধতাৰ এক বিতং মূল্যায়ন কৰা হ'ব। এই লক্ষ্যত উপনীত হ'বৰ বাবে আমাৰ চৰকাৰে অহা পাঁচ বছৰত প্রায় ৩,০০০ কোটিৰ পৰা ৪,০০০ কোটি টকাৰ আনুমানিক বিনিয়োগেৰে এক উচ্চাকাংক্ষী জলসিঞ্চন সম্প্ৰসাৰণ কাৰ্যসূচী হাতত লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে । এই বিনিয়োগৰ ধন গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি, বহিঃসাহায্যপ্রাপ্ত প্রকল্প, কেন্দ্ৰীয় খণ্ডৰ আঁচনি আৰু ৰাজ্যিক বাজেটৰ সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰি সংগ্ৰহ কৰা হ'ব ।
চলিত বৰ্ষত অগ্রাধিকাৰ লাভ কৰিবলগীয়া অঞ্চল, উপযুক্ত জলসিঞ্চন আর্হি, বিবেচনাধীন প্রকল্প আৰু বিত্তীয় বিকল্পসমূহ চিনাক্ত কৰি এক ব্যাপক পৰিকল্পনা প্রস্তুত কৰা হ'ব । ইয়াৰ বাবে চলিত বৰ্ষৰ বাবে ২০০ কোটি টকা ধাৰ্য কৰা হৈছে। বর্তমানলৈ চাৰিটা মজলীয়া জলসিঞ্চন প্রকল্প পুনৰ সক্রিয়কৰণ, ৬১৫ খন ক্ষুদ্র জলসিঞ্চন আঁচনি সম্পূৰ্ণ আৰু ১,৪১০ খন অচল জলসিঞ্চন আঁচনি পুনৰুজ্জীৱিত কৰা হৈছে । চৰকাৰে দুৰ্গম আৰু বানপ্রৱণ অঞ্চলসমূহত ৩৪ খন সৌৰশক্তিচালিত ভ্রাম্যমাণ লিফট জলসিঞ্চন আঁচনি প্ৰৱৰ্তন কৰিছে । আনহাতে, কৃষি সা-সঁজুলি যোজনাৰ জৰিয়তে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ সাহায্য প্রদান ব্যৱস্থা অব্যাহত ৰাখিব বুলি বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। এই আঁচনিৰ অধীনত পি এম-কিষাণ আঁচনিৰ সৈতে সংগতি ৰাখি প্ৰতিগৰাকী যোগ্য ক্ষুদ্র আৰু উপান্ত কৃষকক বছৰি ১১,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব । ইতিমধ্যে ৰাজ্য চৰকাৰে এক সম্প্ৰসাৰিত ক্ৰয় কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলক যথোচিত মূল্য প্রদান সুনিশ্চিত কৰিছে।
২০২৫-২৬ বিত্তীয় বৰ্ষত নূন্যতম সমর্থন মূল্যৰ উপৰি অতিৰিক্ত ৰাজ্যিক প্ৰেৰণামূলক ৰাজসাহায্যৰ জৰিয়তে কৃষকসকলৰ পৰা ৮ লাখ মেট্রিক টনতকৈ অধিক ধান ক্রয় কৰা হৈছে। ধান আৰু মাকৈ ক্ৰয়ৰ ক্ষেত্ৰত প্রতি কুইণ্টলত ২০০ টকা আৰু সৰিয়হৰ ক্ষেত্ৰত প্রতি কুইণ্টলত ৩০০টকাকৈ অতিৰিক্ত ৰাজসাহায্য প্ৰদানৰ ব্যৱস্থা অব্যাহত থাকিব বুলি বিত্তমন্ত্রী জয়ন্ত মল্ল বৰুৱাই ঘোষণা কৰিছে । গেপ ছাপ'ৰ্ট স্কীমৰ জৰিয়তে প্রতি লিটাৰ গাখীৰত ৫ টকাকৈ সাহায্য প্রদান কৰি দুগ্ধপালকসকললৈ সহায় আগবঢ়োৱাটো অব্যাহত থাকিব। যাৰ ফলত প্রতি মাহে প্রায় ২৫,০০০ দুগ্ধপালক উপকৃত হ'ব। এই আঁচনি ৰূপায়ণৰ ফলস্বৰূপে সংগঠিত খণ্ডৰ দ্বাৰা দুগ্ধ ক্ৰয়ৰ পৰিমাণ প্রতিদিনে ৯৭,৫৫৪ লিটাৰৰ পৰা ১,৪৩,০৩৫ লিটাৰলৈ বৃদ্ধি পাইছে। এই বৃদ্ধিৰ হাৰ হৈছে ৪৭ শতাংশ। নাবাৰ্ডৰ পৰা ১০০ কোটি টকাৰ সাহায্যৰে উচ্চমূল্যৰ ৰপ্তানি যোগ্য শস্যৰ বাবে জৈৱিক প্রমাণীকৰণ আৰু ৰপ্তানিকাৰীসকললৈ পৰিবহণ সাহায্য প্রদান কাৰ্য সৰল কৰি তোলাৰো পদক্ষেপ হাতত লোৱা হ'ব বুলি বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে । ইয়াৰ বাবে গুৱাহাটীত এক এয়াৰ কাৰ্গ সুবিধাকে ধৰি ৰপ্তানি সম্পর্কীয় ল'জিষ্টিকছ ব্যৱস্থাটোক অধিক শক্তিশালী কৰা হ'ব।
কৃষি উৎপাদক সংগঠনসমূহক (এফ পি অ) আধুনিক বজাৰ-মুখী কৃষি অর্থনীতিৰ মূল ভেটি হিচাপে স্বীকৃতি দি অসম চৰকাৰে কৃষি যান্ত্রিকীকৰণ, মূল্য সংযোজন, শয্য চপোৱাৰ পিছৰ আন্তঃগাঁথনি আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে মুখ্যমন্ত্রী উৎকর্ষ যোজনা ইতিমধ্যে আৰম্ভ কৰা হৈছে। ইয়াৰ প্ৰথম পর্যায়ত, ২০২৫-২৬ বর্ষত ২৫৪টা এফ পি অ/এফ পি চি ক ১২ লাখ টকাকৈ সাহায্য প্রদান কৰা হৈছিল। চলিত বৰ্ষত পূৰ্বৰ প্ৰতিটো এফপিঅ/এফপিচি ক ৩ লাখ টকাৰ সাহায্য প্রদান কৰাৰ লগতে এই বছৰ ১৫ কোটি টকাৰ ব্যয়েৰে আৰু ১০০ টা এফপিঅ/এফপিচি ক উৎকর্ষ যোজনাৰ আওতালৈ অনা হ'ব। বিত্তমন্ত্ৰী গৰাকীয়ে চাহ উদ্যোগৰ ক্ষেত্ৰতো অসম চৰকাৰৰ বাজেটত কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰাৰ কথা সদৰী কৰিছে। অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি (এটিআইএছআইএছ)ৰ জৰিয়তে চাহ খেতিয়কসকলক অধিক সহায় আগবঢ়োৱা হ'ব । অধিক মূল্য সংযোজন কৰাৰ বাবে উদগনি যোগাবলৈ তথা অসম চাহৰ ৰপ্তানি বৃদ্ধি কৰাৰ উদ্দেশ্যে অর্থডক্স আৰু বিশেষ চাহৰ শ্ৰেণীত এতিয়াৰে পৰা মাটচা চাহ (মাটচা টি) কো অন্তর্ভুক্ত কৰা হ'ব। ২০২১-২২ বৰ্ষৰ ৪.৩৯ কোটি কিলোগ্রামৰ তুলনাত অসমত অৰ্থডক্স চাহৰ উৎপাদন বৃদ্ধি পাই ২০২৫-২৬ বর্ষত প্রায় ৮ কোটি কিলোগ্রাম হৈছে যি বিগত চাৰি বছৰৰ ৮০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।
উৎকৃষ্ট মানৰ মাটচা চাহৰ সফল উৎপাদনৰ জৰিয়তে অসমে চাহ খণ্ডত মূল্য সংযোজনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ প্ৰথমটো অংশ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে প্রতি কিলোগ্রামত প্রায় ৩,০০০ টকা দৰত বিক্ৰী কৰা হৈছে। অর্থডক্স আৰু বিশেষ চাহৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰদান কৰা ৰাজসাহায্য প্রতি কেজিত ১০ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি কৰা হ'ব। ইয়াৰোপৰি কৃষক কল্যাণ আৰু কৃষি উৎপাদনশীলতা বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰখনে উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে। প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত কৃষি বীমাৰ পৰিসৰ ২০২১ চনৰ ৯.৮১ লাখৰ পৰা ২০২৫ চনত ১৪.১৪ লাখলৈ বৃদ্ধি পাইছে। আনহাতে, পি এম কিষাণ আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ২০২১ চনৰ পৰা ২৫.৭৭ শতাংশ বৃদ্ধি পাইছে। বিগত পাঁচ বছৰত ১২.৩৮ লাখ কুইণ্টলতকৈ অধিক উন্নত মানৰ আৰু জলবায়ু সহনশীল বীজ বিতৰণ কৰা হৈছে। ৫,৭৮০ হেক্টৰতকৈ অধিক ভূমি উচ্চ মূল্যৰ উদ্যান শস্যৰ কৃষিভূমিৰ অধীনলৈ অনা হৈছে। অসমে আগশাৰীৰ তৈল খেজুৰ উৎপাদনকাৰী ৰাজ্যসমূহৰ ভিতৰত অন্যতম হিচাপে আত্মপ্রকাশ কৰিছে।
কৃষি বজাৰসমূহৰ আধুনিকীকৰণ, যোগান শৃংখলা শক্তিশালীকৰণ আৰু ৰাজ্যজুৰি আধুনিক পাচলিৰ বজাৰ তথা সমূহীয়া সা-সুবিধা কেন্দ্ৰ স্থাপনৰ উদ্দেশ্যে অসম কৃষি উন্নয়ন অভিযান আৰম্ভ কৰাৰ বাবে বাজেট ধাৰ্য কৰা হৈছে। কৃষকসকলক প্রযুক্তি, কৃষি সামগ্ৰী আৰু চৰকাৰী আঁচনিৰ সুবিধা প্ৰদানৰ বাবে ডিজিটেল কৃষিৰ উৎকর্ষ কেন্দ্ৰ স্থাপন কৰাৰ লগতে গাঁও পঞ্চায়তসমূহত প্রধানমন্ত্রী কিষাণ সমৃদ্ধি কেন্দ্ৰ স্থাপন কৰাৰ কথাও বাজেটত ঘোষণা কৰা হৈছে। ৰাজ্যিক বিজেপিৰ মুখপাত্র প্রাঞ্জল কলিতাই ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা বাজেটক আদৰণি জনোৱাৰ লগতে বাজেটখনে ৰাজ্যৰ কৃষিখণ্ডৰ অভূতপূর্ব পৰিৱৰ্তন সাধন কৰিব বুলি উল্লেখ কৰে । এই বাজেটে ৰাজ্যৰ সকলো স্তৰৰ কৃষকক সামৰি লোৱাৰ লগতে কৃষিৰ লগত জড়িত আটাইবোৰ খণ্ডকো উৎসাহিত কৰিব বুলিও মুখপাত্ৰ গৰাকীয়ে মত ব্যক্ত কৰে ।
কৃষি আৰু জলসিঞ্চনৰ ক্ষেত্ৰত বাজেটত ধাৰ্য কৰা শিতানসমূহে অসমৰ উঠি অহা প্ৰজন্মক কৃষি কাৰ্যৰ বাবে আকৰ্ষণ কৰিব। নতুন বজাৰ সৃষ্টি আৰু উৎপাদিত সামগ্রীসমূহ বিদেশলৈ ৰপ্তানী কৰাৰ প্ৰক্ৰিয়া অধিক ত্বৰান্বিত হ'ব । এক কথাত বাজেটখন সর্বব্যাপী আৰু সৰ্বস্পর্শী বুলি মুখপাত্ৰ গৰাকীয়ে প্রেছ বিবৃতিযোগে মত প্রকাশ কৰে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী