মৰাণৰ খোৱাঙত বনৰীয়া ম'হৰ আক্ৰমণত দুজন লোক আহত
ডিব্ৰুগড়, ১২ জুলাই (হি.স.)। মৰাণৰ খোৱাঙত বনৰীয়া ম''হৰ আক্ৰমণত দুজন লোক আহত । বনৰীয়া ম''হটোৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় খোৱাং নহাজাৰ ন-গাঁৱৰ ভৰত শইকীয়া আৰু শৰৎ শইকীয়া । আহত দুয়োকে ততাতৈয়াকৈ তিলৈৰ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও যখম গুৰুতৰ
মৰাণৰ খোৱাঙত বনৰীয়া ম'হৰ আক্ৰমণত দুজন লোক আহত


ডিব্ৰুগড়, ১২ জুলাই (হি.স.)। মৰাণৰ খোৱাঙত বনৰীয়া ম'হৰ আক্ৰমণত দুজন লোক আহত । বনৰীয়া ম'হটোৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় খোৱাং নহাজাৰ ন-গাঁৱৰ ভৰত শইকীয়া আৰু শৰৎ শইকীয়া । আহত দুয়োকে ততাতৈয়াকৈ তিলৈৰ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও যখম গুৰুতৰ হোৱাত দুয়োকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় এএমচিএইছ লৈ প্ৰেৰণ কৰা হয় ।

পথাৰত ধান ৰোপন কৰি থকা ৰোৱনীক বনৰীয়া ম'হ ওলাইছে বুলি সতৰ্ক কৰি দিবলৈ বুলি গৈছিল দুয়োজন । আনহাতে বনৰীয়া ম'হ খেদিবলৈ বনকৰ্মীয়ে ৭ জাঁইকৈ শূণ্যলৈ গুলী ফুটুৱাব লগা হয় । ম'হটো বৰ্তমান পথাৰৰ মাজতে আশ্ৰয় লোৱাত শংকিত হৈ পৰিছে ৰাইজ ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande