

- দুৰ্ঘটনাত ২৩ জন লোকক উদ্ধাৰ
- ভিয়েটনাম চৰকাৰে তদন্তৰ নিৰ্দেশ
হানয়/নতুন দিল্লী, ১২ জুলাই (হি.স.)। ভিয়েটনামৰ জনপ্ৰিয় পৰ্যটনস্থলী ফু কুক দ্বীপৰ সমীপত শনিবাৰে ভাৰতীয় পৰ্যটকক কঢ়িয়াই অনা এখন স্পীডবোট বাগৰি পৰাত পোন্ধৰজন ভাৰতীয় পৰ্যটকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত আছে তামিলনাডুৰ ১০ জন, অন্ধ্ৰ প্ৰদেশৰ ৩ জন, কেৰালাৰ ২ জন। ইফালে ২৩ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোক স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
খবৰ অনুসৰি নাওখনত ৩২ জন ভাৰতীয় পৰ্যটক আৰু ক্ৰু মেম্বাৰ আছিল। স্থানীয় সময় অনুসৰি দিনৰ প্ৰায় ১ বজাত ফু কুক দ্বীপৰ সমীপৰ সাগৰত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ পিছত ভিয়েটনামৰ সীমান্ত সুৰক্ষা বাহিনী, নৌসেনা, ক’ষ্ট গাৰ্ড আৰু অন্যান্য সংস্থাই যৌথভাৱে এক বৃহৎ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে। দুখন উদ্ধাৰ নাও আৰু ৩৫ জন জোৱান নিয়োগ কৰা হয়।
ভিয়েটনাম চৰকাৰৰ তদন্তৰ নিৰ্দেশ
দুৰ্ঘটনাটোৰ পিছতে ভিয়েটনাম চৰকাৰে দুৰ্ঘটনাটোৰ কাৰণৰ তৎকালীন তদন্তৰ নিৰ্দেশ দিছে আৰু সাহায্য অভিযান ক্ষিপ্ৰতাৰে কৰিছে। ভাৰতীয় দূতাবাস আৰু সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে সমন্বয় সাধন কৰি ক্ষতিগ্ৰস্ত ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালক তাৎক্ষণিকভাৱে কনছুলাৰ সহায় আগবঢ়াবলৈও চৰকাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক নিৰ্দেশ দিছে।
প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি টুইটাৰযোগে লিখিছে, ভিয়েটনামৰ ফু কুক'ৰ সমীপত ভাৰতীয় নাগৰিক নাও দুৰ্ঘটনাত পতিত হোৱাৰ মৰ্মান্তিক খবৰটোৱে মোক গভীৰ আঘাত দিছে। আপোনজনক হেৰুওৱা পৰিয়ালসমূহলৈ গভীৰ শোক প্ৰকাশ কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।
তেওঁ উল্লেখ কৰে যে ভাৰতীয় দূতাবাস আৰু কনছুলেট জেনেৰেলে ক্ষতিগ্ৰস্ত ভাৰতীয়সকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে, আৰু ভাৰতীয় বিষয়াসকলে ভিয়েটনাম কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগত আছে।
ৰাহুল গান্ধী আৰু ৰাজনাথ সিঙৰো শোক প্ৰকাশ
লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক ভিয়েটনাম চৰকাৰৰ সৈতে সমন্বয় স্থাপন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সম্ভৱপৰ সকলো ধৰণৰ সহায় নিশ্চিত কৰিবলৈ আহ্বান জনায়।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে যে ভিয়েটনামত থকা ভাৰতীয় দূতাবাসে দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালক সকলো ধৰণৰ সহায় আগবঢ়াইছে।
উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনেও এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
দূতাবাসে মুকলি কৰিলে হেল্পলাইন নম্বৰ
হানয়ত থকা ভাৰতীয় দূতাবাস আৰু হো চি মিন চহৰত থকা ভাৰতীয় কনছুলেট জেনেৰেলে সহায়ৰ বাবে বিশেষ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে।
হো চি মিন চহৰৰ হেল্পলাইন:
+৮৪ ৩৬ ২৮১ ৭৯৩০,
+৮৪ ৯১ ৫৫২ ৩৭ ১৪,
+৮৪ ৩৩ ৪৫২ ০৪১৪
হানয় হেল্পলাইন:
+৮৪ ৯১ ৩০৮ ৯১৬৫
তদুপৰি তেলেংগানা চৰকাৰৰ প্ৰবাসী ভাৰতীয় বিভাগেও ক্ষতিগ্ৰস্ত পৰিয়ালক সহায়ৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে।
হেল্পলাইন নম্বৰসমূহ হ’ল: ৯৮৮৫৩৭১১৮৯; ৭৯৯৭৯৫৯৭৫৪; ৯৯৮৯৬৫৪৮০৭; ৭৯৯৭৯৫৯৭৭৯
ভাৰতীয় দূতাবাসে উল্লেখ কৰিছে যে দুৰ্ঘটনাটোত জড়িত ৩২ জন ভাৰতীয় পৰ্যটক আৰু মৃতকৰ তালিকা সংশ্লিষ্ট পৰিয়াল আৰু কৰ্তৃপক্ষৰ সৈতে ভাগ কৰা হৈছে। দুয়োখন দেশৰ চৰকাৰে একেলগে সাহায্য, কনছুলাৰ সাহায্য, দুৰ্ঘটনাৰ তদন্তৰ কাম কৰি আছে।
-----------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ