ধুবুৰী আৰক্ষীৰ অভিযানত মাঝেৰচৰ অঞ্চলৰ দুজন লোকক আটক
ধুবুৰী, ১২ জুলাই (হি.স.)। কালি নিশা ধুবুৰী আৰক্ষীৰ অভিযানত মাঝেৰচৰ অঞ্চলৰ দুজন লোকক আটক। ধৃত মাঝেৰচৰ অঞ্চলৰ এজনৰ নাম ফাৰুক আৰু আনজনৰ নাম ওহাব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে লোক দুজনক ধুবুৰী ঝগ্ৰাৰপাৰ অঞ্চলৰ পৰা আটক কৰি ধুবুৰী সদৰ থানা লৈ আনে যদ
ধুবুৰী আৰক্ষীৰ অভিযানত মাঝেৰচৰ অঞ্চলৰ দুজন লোকক আটক


ধুবুৰী, ১২ জুলাই (হি.স.)। কালি নিশা ধুবুৰী আৰক্ষীৰ অভিযানত মাঝেৰচৰ অঞ্চলৰ দুজন লোকক আটক। ধৃত মাঝেৰচৰ অঞ্চলৰ এজনৰ নাম ফাৰুক আৰু আনজনৰ নাম ওহাব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে লোক দুজনক ধুবুৰী ঝগ্ৰাৰপাৰ অঞ্চলৰ পৰা আটক কৰি ধুবুৰী সদৰ থানা লৈ আনে যদিও কি সন্দৰ্ভত আনিছে আৰক্ষীয়ে মুখ খুলিব বিচৰা নাই।

কিন্তু ধুবুৰী আৰক্ষীয়ে কি অভিযোগৰ ভিত্তিত লোক দুজনক আটক কৰিছে সেয়া লৈ সৃষ্টি হৈছে ৰহস্যৰ। আৰক্ষীয়েও ঘটনা সন্দৰ্ভত মুখ খুলিব বিচৰা নাই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande