গোসাঁইগাঁৱৰ কচুগাৱঁত পানীত বুৰি দুই শিশু নিহত
কোকৰাঝাৰ, ১২ জুলাই (হি.স.)। গোসাঁইগাঁৱৰ কচুগাৱঁত দুই শিশুৰ মৃত্যু । পুখুৰীত গা - ধুই থাকোতে গভীৰ পানীত বুৰ যাই মৃত্যু দুই শিশুৰ। নিহত শিশু দুগৰাকী হৈছে হাইন স্বৰ্গয়াৰী (৫) আৰু ধনবীৰ ব্ৰহ্ম(৭)। দুয়োৰে ঘৰ কচুগাৱঁৰ ব্ৰহ্মপুৰত । সন্ধানহীন শিশু দুজনক বি
গোসাঁইগাঁৱৰ কচুগাৱঁত পানীত বুৰি দুই শিশু নিহত


কোকৰাঝাৰ, ১২ জুলাই (হি.স.)। গোসাঁইগাঁৱৰ কচুগাৱঁত দুই শিশুৰ মৃত্যু । পুখুৰীত গা - ধুই থাকোতে গভীৰ পানীত বুৰ যাই মৃত্যু দুই শিশুৰ। নিহত শিশু দুগৰাকী হৈছে হাইন স্বৰ্গয়াৰী (৫) আৰু ধনবীৰ ব্ৰহ্ম(৭)। দুয়োৰে ঘৰ কচুগাৱঁৰ ব্ৰহ্মপুৰত । সন্ধানহীন শিশু দুজনক বিচাৰি কালি নিশা পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে ৰাইজে ।

নিশা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশু দুজনৰ মৃতদেহ উদ্ধাৰ কৰিব সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande