তেজপুৰ ৰামকৃষ্ণ সেৱা আশ্রমত বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ৪৫৬ পৃষ্ঠাৰ আধ্যাত্মিক গ্রন্থ 'মহাশক্তিৰ সান্নিধ্যত ' উন্মোচন
শোণিতপুৰ, ১২ জুলাই (হি স)। তেজপুৰ ৰামকৃষ্ণ সেৱা আশ্রমত আজি অনুষ্ঠিত হোৱা এক বিশেষ সভাত ৰামকৃষ্ণ সেৱা আশ্ৰমৰ সভাপতি সুদীপ কুমাৰ মুখাৰ্জীয়ে অশীতিপৰ শ্ৰৱণ শক্তিহীন ৮৫ বছৰীয়া লেখক বিপিন চন্দ্র বেজবৰুৱাই লিখা ৪৫৬ পৃষ্ঠাৰ এক আধ্যাত্মিক গ্রন্থ ''মহাশক্ত
বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত


শোণিতপুৰ, ১২ জুলাই (হি স)। তেজপুৰ ৰামকৃষ্ণ সেৱা আশ্রমত আজি অনুষ্ঠিত হোৱা এক বিশেষ সভাত ৰামকৃষ্ণ সেৱা আশ্ৰমৰ সভাপতি সুদীপ কুমাৰ মুখাৰ্জীয়ে অশীতিপৰ শ্ৰৱণ শক্তিহীন ৮৫ বছৰীয়া লেখক বিপিন চন্দ্র বেজবৰুৱাই লিখা ৪৫৬ পৃষ্ঠাৰ এক আধ্যাত্মিক গ্রন্থ 'মহাশক্তিৰ সান্নিধ্যত ' উন্মোচন কৰে । উন্মোচনী ভাষণত মুখাৰ্জীয়ে লেখক বেজবৰুৱাৰ এনে প্ৰয়াসক ভূয়সী প্রশংসা কৰি ই আন সকলোকে অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰে ।

গ্রন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক, সাহিত্য সংস্কৃতি সাধনা মঞ্চ, অসমৰ সভাপতি হেমন্ত কিশোৰ পাঠকে । সভাপতিৰ ভাষণত পাঠকে লেখক বেজবৰুৱাৰ ধৈৰ্য্য আৰু সাধনাৰ ভুয়সী প্ৰশংসা কৰে। উল্লেখযোগ্য যে বিগত বৰ্ষ ২০২৪ ত লেখক বিপিন চন্দ্র বেজবৰুৱাই চৈতন্য জাগৰণত দিব্যত্ৰয়ী আৰু ২০২৫ ত ৰামকৃষ্ণ পৰমহংস সন্দৰ্ভত লিখা সুবৃহৎ ৬০০ পৃষ্ঠাৰ গ্ৰন্থ 'কল্পতৰু শ্ৰীশ্ৰীৰামকৃষ্ণ' উন্মোচন কৰে।

বিশিষ্ট অতিথি হিচাপে আজিৰ সভাত উপস্থিত থাকে উত্তৰ-পূৰ্বাঞ্চল ৰামকৃষ্ণ সেৱা সমিতিৰ আহবায়ক স্বপন দত্ত, বিশিষ্ট লেখিকা, গায়িকা আৰু অভিনেত্ৰী কল্পনা কলিতা, সাংস্কৃতিক কৰ্মী আৰু অভিনেতা ভূপেন শৰ্মা, তেজপুৰৰ পদ্মনাথ গোহাঞিবৰুৱাৰ শাখা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি নৰেন গোস্বামী, নগেন শৰ্মা, নিৰঞ্জন কলিতা আৰু দুলাল শৰ্মা । সভাত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায় শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই।

বৰুৱাই ভাষণত লেখক বেজবৰুৱাৰ ৮৫ বছৰীয়া জীৱনৰ সাধনা, গ্রন্থপ্রীতি, অহৰহ লেখন - অধ্যয়নক বিৰল কাৰ্য বুলি অভিহিত কৰাৰ লগতে গীতাৰ ওপৰত ব্যাখ্যা আগবঢ়ায়। সভাৰ আৰম্ভণিতে ৰোহণ দত্তই এটি শ্ৰীৰামকৃষ্ণ ভজন পৰিৱেশন কৰি সকলোকে আনন্দিত কৰে। আৰম্ভণিতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্রজ্বলন কাৰ্য্য সম্পাদন কৰা হয়। সভাত ভাস্বতী কলিতাই ভূপেন্দ্ৰ সংগীত, শিশুশিল্পী অভিজ্ঞান বৰুৱাই তবলা বাদন, সংগীতা দেৱনাথে গীত পৰিৱেশন, কল্পনা কলিতাই সংলাপ পৰিবেশন আৰু ভূপেন শৰ্মাই কাঞ্চনজংঘা কবিতাটো আবৃত্তি কৰি উপস্থিত সকলোকে আপ্লুত কৰে। সভাৰ আঁত ধৰাৰ লগতে লেখিকা তথা লেখকৰ পত্নী সবিতা বেজবৰুৱাই সভাত উপস্থিত থকা সকলোলৈকে শলাগৰ শৰাই আগবঢ়ায় ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande