
তামুলপুৰ, ১২ জুলাই (হি.স.)। তামুলপুৰ জিলাৰ তিনিখন নদী ক্ৰমে দৰংগা, পাগলদিয়া আৰু মটঙা নদীৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ।
আজি পুৱাৰ ভাগতে প্ৰথমে বেলখুঁটিত দৰংগা নদীয়ে সৃষ্টি কৰা তীব্ৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ পিছত
চৰণ জংগল অঞ্চলত পাগলাদিয়া নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন আৰু দলংপাৰত মটঙা নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
গৰাখহনীয়া পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কুপাইন স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগৰ বিষয়া সকলক নিৰ্দেশ দিয়ে।
আনহাতে বিজ্ঞানসন্মত আৰু স্থায়ী সমাধানৰ দিশত যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবেও বিষয়ববীয়া তথা অঞ্চলবাসীৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী দৈমাৰীয়ে।
শেহতীয়া ভাৱে নদী কেইখনৰ গতিবিধি লক্ষ্য কৰি য’ত য’ত কেনেল কাটা সম্ভৱ হয় তাত কেনেল কাটিং কৰি উপযুক্ত ভাৱে পকী পাৰ্কুপাইন দি গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে ৷ আনহাতে মন্ত্ৰী গৰাকীয়ে বিটিচি আৰু ৰাজ্য চৰকাৰৰ ধনেৰে এইবাৰ নদী সমূহৰ গৰাখহনীয়া ৰোধ কৰিবলৈ সক্ষম হ’ব বুলি কয় পৰিদৰ্শন কালত ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা