
তামুলপুৰ, ১২ জুলাই (হি.স.)। তামুলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বৰখাত শ্মশান ভূমিত এক ড্ৰাগছ ধ্বংসীকৰণ কাৰ্যসূচীৰ জৰিয়তে বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী বিনষ্ট (দাহন) কৰা হয়।
তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীকে আদি কৰি বিভিন্ন বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত এক সুৰক্ষিত ভৱিষ্যত আৰু ড্ৰাগছমুক্ত সমাজ গঢ়াৰ সংকল্পৰে তামুলপুৰ আৰক্ষীয়ে চলোৱা অভিযানত বিভিন্ন সময়ত জব্দ কৰা সৰ্বমুঠ ৭১,৯২,০৪০ টকা মূল্যৰ এই নিষিদ্ধ সামগ্ৰীসমূহ আজি ৰাজহুৱাকৈ পুৰি ধ্বংস কৰা হয়। আৰক্ষী প্ৰশাসনৰ পৰা লাভ কৰা তথ্য অনুসৰি, এই কাৰ্যসূচীত ৮৭.৮৬৮ কিলোগ্ৰাম গাঞ্জা, ৬,৮৫৫ টা নিচাযুক্ত কেপচুল আৰু ২.৮৩২ গ্ৰাম ব্ৰাউন চুগাৰ সম্পূৰ্ণৰূপে বিনষ্ট কৰা হৈছে। ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই সমাজৰ পৰা ইয়াৰ কুপ্ৰভাৱ নিৰ্মূল কৰাৰ বাবে তামুলপুৰ জিলা আৰক্ষীয়ে গ্ৰহণ কৰা এই সৱল পদক্ষেপক স্থানীয় সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা