
কোকৰাঝাৰ, ১২ জুলাই (হি.স.)। গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চোৰাং গৰুসহ গাড়ী জব্দ। ২২ টা কৈ চোৰাং গৰু উদ্বাৰ । শিমুলটাপু আৰক্ষীয়ে পুৱতি নিশা শ্ৰীৰামপুৰত অভিযান চলাই দুখন বলেৰ পিক আপ গাড়ী জব্দ কৰে । দুখন বলেৰ পিক আপ গাড়ীৰ ভিতৰত আছিল ২২ কৈ চোৰাং গৰু ।চিপছ, কুৰকুৰে ভৰ্তি বস্তাৰ তলত গোপনে সৰবৰাহ কৰিছিল চোৰাং গৰু ।
চোৰাং গৰু সৰবৰাহ কৰা ঘটনাৰ সৈতে জৰিত থকাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ । গ্ৰেপ্তাৰ হোৱা লোক দুজনক অভয়াপুৰিৰ ন - ছত্ৰ গাঁৱৰ মিনহাছ আলী আৰু চাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে ।গৰু সৰবৰাহ কৰা গাড়ীৰ নম্বৰ আছিল এএছ ১৯ এচি ২৪৯৭ , এএছ ১৫এছি ৪৮৫৮ ।পশ্চিম বংগৰ সোনাপুৰৰ পৰা লেংটিশিঙা লৈ নিয়াৰ কথা আছিল গৰু সমূহ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ