
তিনিচুকীয়া, ১২ জুলাই (হি.স.)। জাগুনত চোৰৰ সন্ত্ৰাস, জাগুন এলেকাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে চুৰি কাণ্ড। এতিয়া কেৱল মানুহৰ ঘৰ আৰু দোকান-পোহাৰতে সীমাবদ্ধ হৈ থকা নাই চুৰি কাণ্ড। চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয়ৰ দৰে অনুষ্ঠান প্ৰতিষ্ঠান সমূহ।
শনিবাৰে নিশা জাগুন ন মাইল স্থিত ন মাইল অৱৰ গাওঁ প্ৰাথমিক বিদ্যালয়ৰ পৰা চোৰে চুৰি কৰি লৈ গল বিদ্যালয়ৰ যাৱতীয় সা-সামগ্ৰীৰ লগতে লকাৰত জমা কৰি ৰখা বিদ্যালয়ৰ প্ৰায় দুই হেজাৰ টকা। লগতে চোৰে বিদ্যালয়ৰ গদৰেজৰ তলা ভাঙি লৈ গল এটা টেবলেট।। উল্লেখযোগ্য যে একে নিশাই জাগুনৰে পূৱ সীমান্ত মধ্য ইংৰাজী বিদ্যালয়ত তলা ভাঙি চলালে সন্ত্ৰাস। ইতিমধ্যে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে উক্ত ঘটনা সন্দৰ্ভত জাগুন আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু