লংকাত সমূহীয়াভাৱে পৱিত্ৰ বৈবাহিক সম্পৰ্কৰে বান্ধ খালে ১১ যোৰা দৰা-কইনাই
হোজাই, ১২ জুলাই (হি.স.)। লংকাত সমূহীয়াভাৱে পৱিত্ৰ বৈবাহিক সম্পৰ্কৰে বান্ধ খালে ১১ যোৰা দৰা-কইনাই। লংকাৰ বিশিষ্ট ব্যৱসায়ী ৰোহিত আগৰৱালাৰ ওমপ্ৰকাশ প্ৰমিলাদেৱী সোঁৱৰণী দাতব্য ন্যাসৰ উদ্যেগত নিশা অনুষ্ঠিত সামূহিক বিবাহত সমাজৰ বিভিন্ন স্তৰৰ ১১ হাল দৰ-ক
লংকাত সমূহীয়াভাৱে পৱিত্ৰ বৈবাহিক সম্পৰ্কৰে বান্ধ খালে ১১ যোৰা দৰা-কইনাই


হোজাই, ১২ জুলাই (হি.স.)। লংকাত সমূহীয়াভাৱে পৱিত্ৰ বৈবাহিক সম্পৰ্কৰে বান্ধ খালে ১১ যোৰা দৰা-কইনাই। লংকাৰ বিশিষ্ট ব্যৱসায়ী ৰোহিত আগৰৱালাৰ ওমপ্ৰকাশ প্ৰমিলাদেৱী সোঁৱৰণী দাতব্য ন্যাসৰ উদ্যেগত নিশা অনুষ্ঠিত সামূহিক বিবাহত সমাজৰ বিভিন্ন স্তৰৰ ১১ হাল দৰ-কইনাই মাংগলিক ৰীতি-নীতিৰে বিবাহৰ পৱিত্ৰ বান্ধোনত বান্ধ খায়।

লংকাৰ ৰাম ঠাকুৰ মন্দিৰত অনুষ্ঠিত সমূহীয়া বিবাহ অনুষ্ঠানটিত জীৱনৰ এক অন্যতম মধুৰ ক্ষণৰ সাক্ষী হৈ পৱিত্ৰ বান্ধোনত বান্ধ খাই অনাগত দিনত সুখৰ সন্ধান বিচাৰিব ১১ হাল ন-দম্পত্তীয়ে।লংকাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত সমূহীয়া বিবাহৰ এই অনুষ্ঠানে স্বাভাৱিকতেই সহায়ৰ হাত আগবঢ়াই প্ৰশংসিত হয় ৰোহিত আগৰৱালা। উল্লেখ্য যে, সমূহীয়া বিবাহ অনুষ্ঠানটিত উপস্থিত থাকি কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা,লামডিংৰ বিধায়ক শিবু মিশ্ৰ আৰু হোজাইৰ বিধায়ক শিলাদিত্য দেৱে ন-দম্পত্তীক উৎসাহ আৰু আৰ্শীবাদ যাচে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande