বজালীত ড্ৰাগছ দাহন কাৰ্যসূচী ১৩.৪৮ লাখ টকাৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ধ্বংস
বজালী, ১২ জুলাই (হি.স.):বজালীত ড্ৰাগছ দাহন কাৰ্যসূচী ১৩.৪৮ লাখ টকাৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ধ্বংস।ৰাজ্যজুৰি চলোৱা ড্ৰাগছ দাহন কাৰ্যসূচীৰ অংশ হিচাপে আজি বজালী জিলাৰ বাঘমাৰাত বৃহৎ পৰিমাণৰ জব্দকৃত নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ৰাজহুৱাকৈ পুৰি ধ্বংস কৰা হ
বজালীত ড্ৰাগছ দাহন কাৰ্যসূচী ১৩.৪৮ লাখ টকাৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ধ্বংস


বজালী, ১২ জুলাই (হি.স.):বজালীত ড্ৰাগছ দাহন কাৰ্যসূচী ১৩.৪৮ লাখ টকাৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ধ্বংস।ৰাজ্যজুৰি চলোৱা ড্ৰাগছ দাহন কাৰ্যসূচীৰ অংশ হিচাপে আজি বজালী জিলাৰ বাঘমাৰাত বৃহৎ পৰিমাণৰ জব্দকৃত নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ৰাজহুৱাকৈ পুৰি ধ্বংস কৰা হয়।

এই কাৰ্যসূচীত বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্ত, সহকাৰী আয়ুক্ত সমুজ্জল গগৈ, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কেইবা গৰাকীও উচ্চপদস্থ বিষয়াই উপস্থিত থাকে। ড্ৰাগছমুক্ত সমাজ গঢ়ি তোলা আৰু যুৱ সমাজক নিচাৰ কবলৰ পৰা ৰক্ষা কৰাৰ সংকল্পৰে আয়োজন কৰা এই কাৰ্যসূচীত আৰক্ষীয়ে ১৪টা গোচৰত জব্দ কৰা প্ৰায় ১৩,৪৮,২০০ টকা মূল্যৰ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী ধ্বংস কৰে।ধ্বংস কৰা সামগ্ৰীৰ ভিতৰত ৩৬.২৬ গ্ৰাম হেৰ'ইন আৰু ১২.৮৬৮ কিলোগ্ৰাম গাঞ্জা অন্তৰ্ভুক্ত আছিল। আৰক্ষী প্ৰশাসনে কয় যে, অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান আগন্তুক দিনতো অধিক কঠোৰভাৱে অব্যাহত থাকিব আৰু সমাজত নিচামুক্ত পৰিৱেশ গঢ়ি তোলাৰ বাবে সকলো পক্ষৰ সহযোগিতা একান্তই প্ৰয়োজন।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande