
নলবাৰী, ১২ জুলাই (হি.স.)। নলবাৰীত আজি শুভাৰম্ভ হব ৰাজ্যিক পৰ্যায়ত নিচাযুক্ত দ্ৰব্য নিষ্পত্তিকৰণ অভিযান ।এই অভিযানৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।নলবাৰীৰ দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ত নতুনকৈ স্থাপন কৰা নিচাযুক্ত সামগ্ৰী ধ্বংস কৰা যন্ত্ৰৰ আজি শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে ।
আজি ৪৭২.৫১ কৌটি মূল্যৰ জব্দকৃত নিচাযুক্ত দ্ৰব্য আনুষ্ঠানিক ভাবে নিষ্পত্তিকৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।ইয়াৰ ভিতৰত ১১৭.৭৫ কৌটি টকা মূ্ল্যৰ হিৰোইন, ১৮৮.৯৮ কৌটি টকাৰ গাঞ্জা, ২২.৯৪ কৌটি টকাৰ কফ চিৰাপ, ১৯.৮৮ কৌটি টকাৰ নিচাযুক্ত টেৱলেটৰ আৰু অন্যান্য বহুটো দ্ৰৱ্য আজি প্ৰথমবাৰৰ বাবে দৌলাশালস্থিত নিষ্পত্তিকৰণ যন্ত্ৰৰ সহায়ত নিষ্পত্তিকৰণ কৰিব মুখ্যমন্ত্ৰীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ