নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত কলগাছিয়া আৰক্ষীৰ
বৰপেটা, ১২ জুলাই (হি.স.)। নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত কলগাছিয়া আৰক্ষীৰ । বৰপেটা জিলাৰ কলগাছিয়াৰ আমগুৰিত বৃহৎ পৰিমাণৰ ভাং সহ এজনক আটক।কালি নিশা গোপন সূত্ৰৰ ভিত্তিত কলগাছিয়া আৰক্ষীৰ অভিযান৮ কেজি ১৬৬ গ্ৰাম ভাং জব্দ কৰাৰ লগতে লালচান আলী
নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত কলগাছিয়া আৰক্ষীৰ


বৰপেটা, ১২ জুলাই (হি.স.)। নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত কলগাছিয়া আৰক্ষীৰ । বৰপেটা জিলাৰ কলগাছিয়াৰ আমগুৰিত বৃহৎ পৰিমাণৰ ভাং সহ এজনক আটক।কালি নিশা গোপন সূত্ৰৰ ভিত্তিত কলগাছিয়া আৰক্ষীৰ অভিযান৮ কেজি ১৬৬ গ্ৰাম ভাং জব্দ কৰাৰ লগতে লালচান আলী নামৰ এজন ভাং ব্যৱসায়ীক গ্ৰেপ্তাৰ।

কলগাছিয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়া হিতেশ হালৈৰ নেতৃত্বত চলিছিল এই অভিযান।ধৃত লালচান আলীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত অবৈধভাৱে ভাংৰ ব্যৱসায় চলাই আহিছিল। জব্দ কৰা ভাংখিনি আমগুৰি গাঁৱৰ কব্বাদ আলীৰ ঘৰত ওজন কৰি থকাৰ সময়তে হাতেলোটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।ঠিক সেই সময়তে গোপন সূত্ৰৰ পম খেদি কলগাছিয়া আৰক্ষীয়ে অভিযান চলাই ভাংসহ লালচান আলীক হাতে-লোটে আটক কৰে। ড্ৰাগছ ,ভাং আদি নিচাজাতীয় দ্ৰব্য ব্যৱসায়ীৰ বিৰুদ্ধে যুদ্ধ ঘোষনা আৰক্ষী বিষয়া হিতেশ হালৈক ভূয়সী প্ৰশংসা স্থানীয় ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande