
নতুন দিল্লী, ১২ জুলাই (হি.স.)। কেন্দ্ৰীয় চৰকাৰে অহা ১০ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ সমগ্ৰ দেশতে স্বচ্ছ সাগৰ, নিৰাপদ সাগৰ উপকূলীয় পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰিব। এই অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ড° জিতেন্দ্ৰ সিঙে বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহৰ মাজত উন্নত সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্ৰযুক্তিগত উদ্ভাৱন, জনসাধাৰণৰ অংশগ্ৰহণ, বিভাগীয় সহযোগিতাৰ সংমিশ্ৰণেৰে ইয়াক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰিব লাগে।
কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেওবাৰে ড° জিতেন্দ্ৰ সিঙে বিজ্ঞান মন্ত্ৰালয় আৰু বিভাগসমূহৰ সম্পাদক আৰু উচ্চপদস্থ বিষয়াৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। সভাত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অধ্যাপক অজয় কুমাৰ ছুদ, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সম্পাদক অধ্যাপক উমেশ ভি ৱাঘমাৰে, জৈৱ প্ৰযুক্তি বিভাগৰ সম্পাদক ড° ৰাজেশ এছ গোখলে আৰু বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা বিভাগ আৰু পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সম্পাদক ড° এন কলাইচেলৱী উপস্থিত থাকে।
বৈঠকত স্বচ্ছ সাগৰ, নিৰাপদ সাগৰ অভিযানৰ কৌশল আৰু প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। এই অভিযান দেশৰ উপকূলৰ কাষে কাষে পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৰিৱেশ সুৰক্ষা, জনসচেতনতা বৃদ্ধিৰ বাবে আয়োজন কৰা হ’ব। ইয়াৰ জৰিয়তে বৈজ্ঞানিক প্ৰতিষ্ঠান, চৰকাৰী সংস্থা, স্বেচ্ছাসেৱক, শিক্ষানুষ্ঠান, আৰু স্থানীয় জনগোষ্ঠীৰ অংশগ্ৰহণ নিশ্চিত কৰা হ’ব।
ড° জিতেন্দ্ৰ সিঙে উল্লেখ কৰে যে বৈজ্ঞানিক বিভাগসমূহে পৃথক প্ৰতিষ্ঠান হিচাপে নহয়, সংহত ব্যৱস্থা হিচাপে কাম কৰিব লাগে। নিয়মীয়া আলোচনা, জ্ঞান বিনিময়, আৰু যৌথ পদক্ষেপৰ জৰিয়তে বৈজ্ঞানিক কৃতিত্বৰ সুফল নাগৰিকসকলৰ মাজত পোনপটীয়াকৈ প্ৰচাৰ কৰিব পাৰি।
বৈঠকত বিজ্ঞান মন্ত্ৰালয়সমূহৰ যোগাযোগ কৌশলসমূহো পৰ্যালোচনা কৰা হয়। মন্ত্ৰালয়সমূহে ভিডিঅ’, তথ্যচিত্ৰ, ডিজিটেল অভিযান, ইনফ’গ্ৰাফিক, আৰু সফলতাৰ কাহিনীৰ জৰিয়তে জনসাধাৰণৰ প্ৰচাৰ বৃদ্ধিৰ পৰিকল্পনা ভাগ-বতৰা কৰি বিগত ১২ বছৰত বিশেষকৈ বৰ্তমান চৰকাৰৰ যোৱা দুবছৰত লাভ কৰা বৈজ্ঞানিক কৃতিত্বসমূহ বহল দৰ্শকৰ মাজলৈ প্ৰচাৰ কৰে।
বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে নেচনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন ফৰ ৰিচাৰ্চ (এএনআৰএফ), নেচনেল কোৱাণ্টাম মিছন, নেচনেল মিছন অন ইন্টাৰডিচিপ্লিনেৰী চাইবাৰ-ফিজিকেল চিষ্টেম, আৰু অন্যান্য ফ্লেগশ্বিপ কাৰ্যসূচীৰ সৈতে জড়িত জনসচেতনতা কৌশল উপস্থাপন কৰে। ইফালে, চিএছআইআৰে জনোৱা মতে, বিগত ১২ বছৰৰ মূল সাফল্যৰ ভিত্তিত এক বিস্তৃত প্ৰকাশন প্ৰস্তুত কৰি আছে, যিটো চলিত বৰ্ষৰ চিএছআইআৰ প্ৰতিষ্ঠা দিৱসত প্ৰকাশ পাব।
জৈৱ প্ৰযুক্তি বিভাগে জনস্বাস্থ্য, জৈৱ অৰ্থনীতি, জিনমিক্স, কৃষি জৈৱ প্ৰযুক্তি, আৰু ষ্টাৰ্টআপ খণ্ডত ইয়াৰ অৱদানৰ ওপৰত আলোকপাত কৰা ধাৰাবাহিক প্ৰকাশন আৰু ডিবিটি কুৱেষ্ট জন অংশগ্ৰহণ অভিযানৰ বিষয়ে অৱগত কৰে।
বৈঠকত চি এছ আই আৰ, ইছৰো, ডি এছ টি, ডি বি টি, বি এ আৰ চি, আৰু অন্যান্য প্ৰতিষ্ঠানসমূহৰ মাজত চলি থকা যৌথ গৱেষণা কাৰ্যসূচী, উদ্ভাৱন মঞ্চ, আৰু উত্তৰ-পূব অঞ্চলৰ সৈতে জড়িত সহযোগিতামূলক কাৰ্যসূচীসমূহো পৰ্যালোচনা কৰা হয়। নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন (এএনআৰএফ)ৰ অধীনত বিভিন্ন প্ৰকল্প আৰু ডিজিটেল প্লেটফৰ্মৰ ব্যৱহাৰৰ প্ৰচাৰৰ ওপৰতো আলোচনাত গুৰুত্ব আৰোপ কৰা হয়।
ড০ জিতেন্দ্ৰ সিঙে কয় যে ভাৰতৰ বৈজ্ঞানিক পৰিৱেশ তন্ত্ৰই এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে, য’ত গৱেষণাৰ উৎকৃষ্টতা, প্ৰযুক্তিগত উদ্ভাৱন, প্ৰতিষ্ঠানিক সমন্বয়, আৰু জনসাধাৰণৰ অংশগ্ৰহণ অতি প্ৰয়োজনীয়। বিজ্ঞানক অধিক সুলভ, প্ৰভাৱশালী, আৰু উন্নয়নমুখী কৰি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া