সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তৰ বি চেক্টৰত তীব্ৰ উত্তেজনা
গোলাঘাট, ১২ জুলাই (হি.স.)। সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তৰ বি চেক্টৰত তীব্ৰ উত্তেজনা। সীমান্তৰ ২ নং চেইনপুৰত সংঘটিত হৈছে নগাৰ আক্ৰমনৰ ঘটনা। গাওঁখনত নগাই লোকপিয়ল চলোৱাত আপত্তি কৰাৰ বাবে নগা দুৰ্বৃত্তই মাৰপিট কৰে স্থানীয় কেইবাজনো সীমান্তবা
সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তৰ বি চেক্টৰত তীব্ৰ উত্তেজনা


গোলাঘাট, ১২ জুলাই (হি.স.)। সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তৰ বি চেক্টৰত তীব্ৰ উত্তেজনা।

সীমান্তৰ ২ নং চেইনপুৰত সংঘটিত হৈছে নগাৰ আক্ৰমনৰ ঘটনা।

গাওঁখনত নগাই লোকপিয়ল চলোৱাত আপত্তি কৰাৰ বাবে নগা দুৰ্বৃত্তই মাৰপিট কৰে স্থানীয় কেইবাজনো সীমান্তবাসী অসমীয়া লোকক।

কেৱল ইমানেই নহয় পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা চি আৰ পি এফ বাহিনী আৰু তেওঁলোকৰ বাহনতো আক্ৰমন কৰি ঘটনাস্থলীৰ পৰা চিআৰপিএফ ক খেদি পথিয়াই নগা দুৰ্বৃত্তই নগাৰ আক্ৰমনত বেয়াকৈ আঘাট প্ৰাপ্ত হৈছে ২নং চেইনপুৰৰ নিবাসী চনি কাপুৰ(৩০) ।

নগা প্ৰশাসনৰ লোকপিয়লৰ দলটোক লোকপিয়লত বাধা দিয়াৰ বাবেই ৰালাং বস্তিৰ পৰা শতাধিক নগা পুৰুষ মহিলা আহি আক্ৰমন কৰে চিআৰপিএফ আৰু ২নং চেইনপুৰৰ লোকক।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande